• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক্লান্ত মণিপুৰবাসী, ক্লান্ত নিৰাপত্তাৰক্ষীও, শিশুৱে ক’লে, ‘ডাঙৰ হৈ মই সিঁহতক নেৰো!’

ক্লান্ত মণিপুৰবাসী, ক্লান্ত নিৰাপত্তাৰক্ষীও, শিশুৱে ক’লে, ‘ডাঙৰ হৈ মই সিঁহতক নেৰো!’

3 years ago
শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক

ফেছ ৱাচ নহয়, এইকেইবিধ সামগ্ৰীৰে বঢ়াওক মুখৰ উজ্জ্বলতা

6 hours ago
নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

6 hours ago
বজাৰলৈ আহিব ১০ আৰু ২০ টকীয়া প্লাষ্টিক নোট, নচলিব নেকি পুৰণি কাগজৰ নোট?

বজাৰলৈ আহিব ১০ আৰু ২০ টকীয়া প্লাষ্টিক নোট, নচলিব নেকি পুৰণি কাগজৰ নোট?

6 hours ago
ভুল আঙুলিত কেতিয়াও নিপিন্ধিব আঙুঠি, নহ’লে জীৱনত লাগিব আউল!

ভুল আঙুলিত কেতিয়াও নিপিন্ধিব আঙুঠি, নহ’লে জীৱনত লাগিব আউল!

7 hours ago
২ আগষ্টৰ পৰা সলনি হ’ব ২ ৰাশিৰ ভাগ্য! ৰাহুৱে কৰিব সহায়

২ আগষ্টৰ পৰা সলনি হ’ব ২ ৰাশিৰ ভাগ্য! ৰাহুৱে কৰিব সহায়

8 hours ago
NEET পৰীক্ষাৰ ফলাফলৰ পিছত MBBS ত কেনেকৈ নামভৰ্তি হয়? জানক সম্পূৰ্ণ প্ৰক্ৰিয়া

NEET পৰীক্ষাৰ ফলাফলৰ পিছত MBBS ত কেনেকৈ নামভৰ্তি হয়? জানক সম্পূৰ্ণ প্ৰক্ৰিয়া

9 hours ago
বলীউডৰ তিক্ত সত্য, ধুনীয়া হ’বলৈ অভিনেত্ৰীয়ে কৰিলে অদ্ভুড কাণ্ড!

বলীউডৰ তিক্ত সত্য, ধুনীয়া হ’বলৈ অভিনেত্ৰীয়ে কৰিলে অদ্ভুড কাণ্ড!

10 hours ago
কোনবোৰ কামে ক্ৰোধিত কৰে ভগৱান শিৱক? সোমবাৰে নকৰিব ভুল!

শাওনত ভুলতো নাখাব এইবোৰ খাদ্য, পাপে চুব আপোনাক!

10 hours ago
চুলিৰ পৰা নখ কটালৈকে… শনিবাৰে এইবোৰ কাম কৰাৰ পূৰ্বে সাৱধান!

চুলিৰ পৰা নখ কটালৈকে… শনিবাৰে এইবোৰ কাম কৰাৰ পূৰ্বে সাৱধান!

11 hours ago
পুৰণি ফোন বিক্ৰী কৰাৰ পূৰ্বে সাৱধান! এটা ভুলে মাতিব বিপদ

পুৰণি ফোন বিক্ৰী কৰাৰ পূৰ্বে সাৱধান! এটা ভুলে মাতিব বিপদ

12 hours ago
কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰে*ষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?

কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰে*ষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?

13 hours ago
নিশা টোপনি নাহে বা নিশা প্ৰায়ে সাৰ পাই উঠে?

নিশা টোপনি নাহে বা নিশা প্ৰায়ে সাৰ পাই উঠে?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

ক্লান্ত মণিপুৰবাসী, ক্লান্ত নিৰাপত্তাৰক্ষীও, শিশুৱে ক’লে, ‘ডাঙৰ হৈ মই সিঁহতক নেৰো!’

editor by editor
July 30, 2023
in উত্তৰ-পূব, লেখা
0
ক্লান্ত মণিপুৰবাসী, ক্লান্ত নিৰাপত্তাৰক্ষীও, শিশুৱে ক’লে, ‘ডাঙৰ হৈ মই সিঁহতক নেৰো!’
0
SHARES
108
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ঘটনাস্থল মণিপুৰৰ চূড়াচান্দপুৰ। নেশ্ব্যনেল হাইৱে-২। ৰাস্তাৰ দুইপাৰে বেঞ্চ পাতি লাঠি লৈ বহি আছে একাংশ কুঁকি মহিলা। আশেপাশে ঘূৰি ফুৰিছে কেইজনমান যুৱক। গাড়ী পাৰ হ’লেই ৰখাই জেৰা কৰে। ক’ৰ পৰা আহিছে, ক’ত যায়, কিয় যায়? অবিশ্বাস, শংকা, মানুহৰ প্ৰতি মানুহৰেই ঘৃণা এতিয়া মণিপুৰৰ সহজলভ্য পৰিবেশ। এয়া এটা মাত্ৰ উদাহৰণ। ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশ পাইছে মণিপুৰৰ বাস্তৱতা।

কেৱল কুঁকিয়েই নহয়, মেইতেই অধ্যুসিত এলেকাতো একেই পৰিবেশ। নিজৰ এলেকাক বহিঃশত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈকে এই পন্থা লৈছে মেইতেই আৰু কুঁকি দুই সম্প্ৰদায়ৰ লোকেই। এক অলিখিত সীমা যেন দুই সম্প্ৰদায়ে মণিপুৰত বান্ধি লৈছে। চুড়াচান্দপুৰ বা ম’ৰে আদি এলেকাৰ পৰা মেইতেই সকল পলাই আহিছে। আশ্ৰয় লৈছে ইম্ফল উপত্যকাৰ বিভিন্ন শিবিৰত। আনহাতে ইম্ফলত যিসকল কুঁকি আছে তেওঁলোকৰ ঠিকনা হৈ পৰিছে মণিপুৰৰ উত্তৰ-দক্ষিণত সাঁজি দিয়া অস্থায়ী শিবিৰ। মণিপুৰত এতিয়া সাজি তোলা হৈছে প্ৰায় ৩৫০টাতকৈয়ো অধিক ‘ৰিলিফ কেম্প।’

প্ৰতিটো কেম্পতেই স্বেচ্ছাসেৱকৰ তত্ত্বাবধানত ৰন্ধন চলিছে। কিছু কিছু কেম্পত স্বনিৰ্ভৰশীলতাৰ ট্ৰেইনিঙো দিয়া হৈছে। শিশুবোৰে আশ্ৰয় শিবিৰৰ বিভিন্ন কোণত মনে মনে বহি থাকে। কিয়নো তেওঁলোকৰ শৈক্ষিক জীৱন বুলিবলৈ একো নাই, কেতিয়া তেওঁলোক ঘৰলৈ উভতিব বা কেতিয়া বিদ্যালয়লৈ যাব সেই সম্পৰ্কে কোনেও নাজানে। এই আশ্ৰয় শিবিৰেই তেওঁলোকৰ স্থায়ী ঠিকনা হৈ পৰিব নেকি সেই কথাৰো উত্তৰ নাজানে কোনোজন শিৱিৰবাসীয়েই। নিজা নিজা শিবিৰৰ কাষত পহৰা দিছে দুই সম্প্ৰদায়েই। শিবিৰলৈ যাতে কোনো দুষ্কৃতিকাৰীৰ প্ৰৱেশ নঘটে তাৰবাবে আৰক্ষী প্ৰশাসনতকৈয়ো তেওঁলোক বেছি সষ্টম।

ময়ৰাং নামৰ এলেকাটোৰ আৰক্ষী চকীৰ কাষতেই বিশেষ চেকপোষ্ট আছে মেইতেই মহিলাৰ। আৰক্ষী নিৰ্লিপ্ত হৈ থাকিলেও তেওঁলোক কিন্তু সম্পূৰ্ণ সষ্টম। তাৰমাজতেই কৃষি কৰ্মৰ কামো তেওঁলোকে কৰিবলৈ যত্ন কৰিছে। কেম্পত কিমানদিনলৈ ফ্ৰি খাদ্য পাব তাকলৈয়ো তেওঁলোকৰ শংকা। যাৰবাবে একাংশই কৃষিকৰ্মতো মনোনিৱেশ কৰিছে। ইম্ফলৰ নিউ চেকন এলেকাটো কুঁকি অধ্যুষিত এলেকা। কিন্তু সেই এলেকাত এতিয়া প্ৰাণ নাই। মৃত উপত্যকা হৈ পৰিছে সেই এলেকাটো। কুঁকি ষ্টুডেণ্ট অৰগেনাইজেশ্ব্যনৰ এজন নেতাই এই সন্দৰ্ভত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত কৈছে, ‘আমি তেওঁলোকৰ দৰে নহয়। আমি মেইতেইসকলক ইয়াৰ পৰা আঁতৰি যাবলৈ কৈছো কিন্তু তেওঁলোকৰ সম্পদ অনিষ্ঠ কৰা নাই। তেওঁলোকৰ সকলো সম্পদ লগত লৈ তেওঁলোক আঁতৰি গৈছে। আমাৰ মানুহৰ কিন্তু তেওঁলোকে সকলো সম্পত্তি ধ্বংস কৰি প্ৰাণ সংকটত পেলাই খেদি পঠিয়াইছে।’

কুঁকি ষ্টুডেণ্ট অৰগেনাইজেশ্ব্যনৰ বিশেষ নেতৃত্ব লোৱা যুৱকজনে মে’ মাহৰ আগলৈকে কেৱল পঢ়াশুনাতেই ব্যস্ত আছিল। তেওঁ এই সন্দৰ্ভতো কয়, ‘মে মাহৰ আগলৈকে মই কেৱল পঢ়াৰ কথাই ভাৱিছিলো। ইউপিএছছি দিম বুলি ভাৱি প্ৰস্তুতি চলাই আছিলো। কিন্তু নিজৰ মানুহে যেতিয়া চকুৰ সন্মুখত আৰ্তনাদ কৰি উঠে তেতিয়া ব্যক্তিগত সপোনবোৰক লৈ জীয়াই থকাৰ ইচ্ছা হেৰাই যায়। কেৰিয়াৰ তেতিয়া গৌণ হৈ পৰে।’

মণিপুৰত প্ৰায় দুমাহ ধৰি কৰ্তন কৰি ৰখা হৈছে ইণ্টাৰনেটো। মে মাহৰ পৰাই ইণ্টাৰনেট বন্ধ কৰি ৰখা হৈছে মণিপুৰত। অৰ্থাৎ ডিজিটেল ভাৰতৰ পৰা তেওঁলোকক বিচ্ছিন্ন কৰি ৰাখিছে কেন্দ্ৰই। দোকান পোহাৰত পৰি থকা কিউআৰ কোড এতিয়া ধুলিয়ে পুতি পেলাইছে। বহু দোকানীয়ে ভাঙি দলিয়াই দিছে এই কিউআৰ কোড। বাহিৰত পঢ়াশুনা কৰি থকা মণিপুৰৰ বহু ছাত্ৰই ঘৰৰ সৈতে যোগাযোগ কৰিব পৰা নাই। পৰিয়ালৰ লোক কেনে আছে এটা খবৰ ল’বলৈকো তেওঁলোকৰ হাতত এতিয়া উপায় নাই। বহু সন্তানেই হেৰুৱাইছে পৰিয়ালৰ লোকক। কিন্তু মণিপুৰলৈ আহি শেষ দেখা কৰিবলৈকো তেঁঁওলোকৰ সকলো পথ বন্ধ।

একবিংশ শতিকাৰ এয়া কেনে বৰ্বৰ ছবি হয়তো চকুৰে নেদেখিলে বুজিব নোৱাৰি। অনুভৱ কৰিবলৈকো ৰাজনীতিৰ বৃহৎ এক মেৰপেছ। ক্লান্ত হৈ পৰিছে মণিপুৰৰ বহু জনতাই। এই জীৱনতকৈ মৃত্যুৱেই সহজ বুলিও একাংশই ভাষ্য প্ৰদান কৰিছে। ক্লান্ত কেৱল জনতাই হৈছে তেনে নহয়, নিৰাপত্তাৰক্ষীসকলো ভাগৰি পৰিছে। পোচাকৰ আঁৰতো এক মানৱ সত্তাইতো থাকে সেই কথা বুজাবলৈ গৈ এজন আৰক্ষীৰ জোৱানেও মন্তব্য কৰিছে, ‘বিগত তিনিমাহ কেৱল জুই, ধোঁৱা, শৱদেহ, ঘণ্টাৰ পাছত ঘণ্টাজুৰি ডিউটি। এই জীৱনে মোৰ আমূৱাইছে, বৰ কষ্টকৰ এই জীৱন।’

এখন ৰাজ্যই এতিয়া যেন সম্পূৰ্ণৰূপে ক্লান্ত হৈ পৰিছে। জীৱন-মৃত্যুৰে যুঁজি যুঁজি ভাগৰি পৰিলে নিজেই এই যুদ্ধ বন্ধ হৈ পৰিব বুলিয়েই কেন্দ্ৰই বাট চাই আছে বুলিও এজন আৰক্ষীয়ে নিজেই কৈ পেলাইছে। কেম্পসমূহতো এতিয়া বিকংলাগ শৈশৱ। পাহাৰীয়া প্ৰায়কেইটা এলেকাৰ বিদ্যালয়েই সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। এই শিশুসমূহৰ ভৱিষ্যত কি হ’ব সেয়াও এক ডাঙৰ প্রশ্ন পিতৃ-মাতৃৰ সন্মুখত। এইসমূহ পৰিস্থিতিৰ মোকাবিলা কৰা প্ৰায়সমূহ লোকেই এতিয়া আস্থা হেৰুৱাই পেলাইছে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ ওপৰত। তেওঁলোকৰ এটাই দাবী কেন্দ্ৰই এই বিষয়টোত হস্তক্ষেপ কৰক। নিৰ্বাচনলৈ এতিয়াও মাজত ৪বছৰ সময় আছে। এই ৪ বছৰলৈ এনেদৰেই অপেক্ষা কৰি থাকিব লাগিব নেকি সেই প্ৰশ্নও আহিছে মণিপুৰৰ প্ৰায়সমূহ জনতাৰ মনত। ৰাজ্যখনৰ বহু এলেকাই এতিয়াও আফস্পাৰ অধীনত আছে।

জাতিৰ প্ৰতি জাতিৰ ঘৃণা এই দ্বন্দ মণিপুৰৰ আজিৰ নহয়। ইয়াৰ পূৰ্বেও মেইতেই-মুছলমান, মেইতেই-নাগা, নাগা-কুঁকি অথৱা মেইতেই কুঁকিৰ সংঘাত চলি আহিছে। কিন্তু পূৰ্বে পৰিস্থিতি ইমান বেয়ালৈ যোৱা নাছিল। এইবাৰ কিয় পৰিস্থিতি ইমান বেয়ালৈ গৈছে এই সন্দৰ্ভত মণিপুৰত কৰ্মৰত এজন চিআৰপিএফ জোৱানে কৈছে, ‘২০০৯ চনত মণিপুৰ উত্তপ্ত হওঁতেও আমাক ইয়ালৈ অনা হৈছিল। তেতিয়া কথাবোৰ বেলেগ আছিল। সেই যুঁজ আছিল ৰাষ্ট্ৰৰ বিৰুদ্ধে এখন ৰাজ্যৰ জনতাৰ যুঁজ। কিন্তু এইবাৰ পটভূমি বেলেগ। এইবাৰ যুঁজ একে ৰাজ্যৰ দুই জাতিৰ মাজত। নিজৰ ভিতৰতেই যুঁজ। সেয়ে আমি নিৰাপত্তাৰক্ষীসকলো অসহায়।’

সকলোৱেই নিজ গৃহলৈ উভতি যোৱাৰ সপোন দেখে। সপোনৰ ঘৰখনত পূৰ্বৰ দৰেই এক জীৱন কটোৱাটো যেন মণিপুৰৰ একাংশ লোকৰ বাবে কেৱল এক দুস্বপ্নহে এতিয়া। এদিন একেলগে হাঁহি ধেমালীয়ে কটোৱা প্ৰতিবেশীসকলেই তেওঁলোকক গৃহহীন কৰিলে। উভতি ক’লৈ যাব। উভতি গ’লেও সেইখন সমাজ পাবনে। একেলগে থকা প্ৰতিবেশীসকলেই তেওঁলোকৰ জীৱন কাঢ়ি ল’ব পাৰে সেই ভয়েই খেদি থাকে প্ৰত্যেকজন শিবিৰবাসীক। ভঙা বিশ্বাস জোৰা লগোৱাৰ জানো কিবা উপায় থাকে? পাৰস্পৰিক অবিশ্বাস ইমানেই গভীৰ হৈ পৰিছে যে সেয়া উৎখাত কৰা সম্ভৱ নহয়।

ইম্ফলৰ আইডিএল গাৰ্লছ কলেজৰ ত্ৰাণ শিবিৰত ম’ৰেৰ পৰা পলাই অহা এগৰাকী মেইতেই মহিলাই তেওঁৰ সন্তানক গল্প শুনোৱাইছিল। মহিলাগৰাকীৰ সন্তানে সন্ধিয়াৰ সময়ত খেলৰ পৰা ঘৰলৈ আহিব নোখোজাত মাতৃয়ে কুঁকিৰ ভয় দেখুৱাই সন্তানটোক টানি আনে। সন্তানটোও কুঁকিৰ ভয়ত মাতৃৰ পিছে পিছে দৌৰি ঘৰ পায়হি।

লাহে লাহে অশান্তিৰ দিন কমি আহিব। আজি নহয় কাইলৈ আশান্তি কমিব। কিন্তু স্থায়ী সমাধান আহিবনে? কেম্পৰ এই শিশুকেইটা কাইলৈ ডাঙৰ হ’ব। কিন্তু বুকুত এই কাহিনীৰ বিদ্বেষ সেই শিশুটিয়ে আজীৱন কঢ়িয়াব। সি এদিন ডেকা হ’ব হয়তো তাৰ আশে পাশে কুঁকি সমাজখন দেখিলেই সি ক্ষোভত ফাটি পৰিব। তেনে এটি কাহিনীয়েই আন এটি শিশুৰ ক্ষেত্ৰতো। কেম্পত থকা কুঁকি শিশুৰ মাজত এতিয়া মেইতেই বিদ্বেষ। শিশু মনটোৰেই সি কৈছে, ‘ডাঙৰ লৈ মই মেইতেইক মাৰিম।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক
জীৱনশৈলী

ফেছ ৱাচ নহয়, এইকেইবিধ সামগ্ৰীৰে বঢ়াওক মুখৰ উজ্জ্বলতা

July 18, 2026
নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

July 18, 2026
বজাৰলৈ আহিব ১০ আৰু ২০ টকীয়া প্লাষ্টিক নোট, নচলিব নেকি পুৰণি কাগজৰ নোট?
বাণিজ্য

বজাৰলৈ আহিব ১০ আৰু ২০ টকীয়া প্লাষ্টিক নোট, নচলিব নেকি পুৰণি কাগজৰ নোট?

July 18, 2026
ভুল আঙুলিত কেতিয়াও নিপিন্ধিব আঙুঠি, নহ’লে জীৱনত লাগিব আউল!
জীৱনশৈলী

ভুল আঙুলিত কেতিয়াও নিপিন্ধিব আঙুঠি, নহ’লে জীৱনত লাগিব আউল!

July 18, 2026
Next Post
অস্থিৰ মণিপুৰ! ভাৰতীয় ফুটবলাৰৰ ঘৰো ভাঙি পেলালে দুৰ্বৃত্তই, সপোন ভঙাৰ বেদনা সামৰি কি ক’লে ফুটবলাৰ চিঙ্গলছানাই

অস্থিৰ মণিপুৰ! ভাৰতীয় ফুটবলাৰৰ ঘৰো ভাঙি পেলালে দুৰ্বৃত্তই, সপোন ভঙাৰ বেদনা সামৰি কি ক’লে ফুটবলাৰ চিঙ্গলছানাই

ভাৰত নে পাকিস্তান! মুছলমান জনসংখ্যাৰ নিৰিখত কোন দেশ আগবাঢ়ি আছে?

ভাৰত নে পাকিস্তান! মুছলমান জনসংখ্যাৰ নিৰিখত কোন দেশ আগবাঢ়ি আছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.