BMW নহয়, ২১ হাজাৰ টকীয়া বাহনখনহে অতিকে প্ৰিয় আছিল মনমোহন সিঙৰ
ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিং আৰু এই পৃথিৱীত নাই। দিল্লীৰ এইমছত ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে মনমোহন সিঙে। অসুস্থতাৰ বাবে বৃহস্পতিবাৰে সন্ধিয়া তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও নিশা ৯.৫১ বজাত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যুত দেশত ৭ দিন ৰাষ্ট্ৰীয় শোক পালন কৰা হব আৰু আজি চৰকাৰী সকলো কাৰ্যসূচী বাতিল কৰা হয়। ড০ মনমোহন সিঙৰ অন্তিম ৰীতি-নীতি সম্পূৰ্ণ ৰাজ্যিক সন্মানেৰে পালন কৰা হ’ব।
দুবাৰকৈ দেশৰ প্ৰধানমন্ত্ৰী হোৱা মনমোহন সিঙৰ গাড়ী সম্পৰ্কীয় এটা ঘটনা অতি জনপ্ৰিয়। ২০০৪ চনৰ এটা ঘটনা তেওঁৰ দেহৰক্ষী অসীম অৰুণে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰি কয় যে,- ২০০৪ চনৰ পৰা প্ৰায় তিনি বছৰ ধৰি ড০ সিঙৰ দেহৰক্ষী আছিল অসীম। এনে পৰিস্থিতিত তেওঁৰ ছাঁৰ দৰে তেওঁৰ লগত থকাটো অসীমৰ দায়িত্ব আছিল।
সেই সময়ত ড০ সিঙৰ এখন মাৰুতি ৮০০ বাহন আছিল। যিখন পি এম হাউছত ক’লা চিকচিকাই থকা অতিকে দামি তথা, সকলো সা-সুবিধা থকা বিএমডব্লিউৰ পিছফালে ৰখাই থোৱা আছিল। মনমোহন সিঙে সেই বাহন খন সন্দৰ্ভতে বাৰে বাৰে কৈছিল – অসীম, এইখন গাড়ীত(BMW) যাত্ৰা কৰি মোৰ ভাল নালাগে, মোৰ বাহন সেইখনহে (মাৰুতি)।
https://x.com/asim_arun/status/1872355182706651308
যাৰ বাবে সুৰক্ষীৰ দায়িত্বত থকা অসীমে বাৰে বাৰে বুজাইছিল এগৰাকী প্ৰধানমন্ত্ৰী হিচাপে সুৰক্ষাৰ দিশটো লক্ষ্য ৰাখি বিএমডব্লিউ বাহনখনত যাত্ৰা কৰাটো কিমান প্ৰয়োজন। বিএমডব্লিউত সুৰক্ষাৰ সকলো ফিচাৰ ৰখা আছিল। তাৰ তুলনাত মাৰুতি বাহন খনত কোনো সুবিধা নাছিল।
কিন্তু এই কথা শুনি সদায়ে দুখমনেৰে চাইছিল মাৰুতি খনলৈ। আৰু নিজেই নিজক যেন বুজাই দিছিল, আওঁৰাই দিছিল- ‘ মই এজন মধ্যবিত্ত ব্যক্তি আৰু সাধাৰণ মানুহৰ চিন্তা কৰাটো মোৰ কাম। কোটি টকীয়া বাহনখন প্ৰধানমন্ত্ৰীৰ হো, মোৰ বাহন কেৱল মাৰুতি’।
উল্লেখ্য যে, ১৯৯৬ চনৰ সেই সময়ছোৱাত ড০ সিঙে তেখেতৰ জীৱনৰ প্ৰথমখন গাড়ী কিনিছিল। সেই সময়ত তেওঁৰ পকেটত গাড়ী কিনিবলৈ নগদ ধন নাছিল। সেয়ে পত্নী গুৰশৰণ কৌৰৰ পৰা টকা লৈ মাৰুতি ৮০০ ক্ৰয় কৰিছিল। সেই সময়ছোৱাত মাৰুতিৰ তেতিয়াৰ মডেলখনৰ মূল্য আছিল- ২১ হাজাৰ টকা। তাৰেই ২০ হাজাৰ টকা পত্নী গুৰশৰণ কৌৰৰ পৰা লৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ