কিয় কেৱল নীলা ৰঙৰেই পাগুৰি বান্ধিছিল মনমোহন সিঙে, নিজেই সদৰি কৰিছিল ইয়াৰ কাৰণ
দুবাৰকৈ দেশৰ প্ৰধানমন্ত্ৰীৰ পদ শুৱনি কৰা দেসৰ অৰ্থনৈতিক দিশ অতিকে শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰা দুখনকৈ শিক্ষানুষ্ঠানৰ অধ্যাপক, ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ ড০ মনমোহন সিঙৰ ৯২ বছৰ বয়সত কালি ২৬ ডিচেম্বৰ তাৰিখে শেষ নিশ্বাস ত্যাগ কৰে।
দেশৰ কোটি কোটি জনতাৰ প্ৰিয় নেতাৰ মৃত্যুত শোক প্ৰকাশ সকলোৰে। পাছে জানেনে আপোনাৰ প্ৰিয় নেতাই কিয় সদায়ে নীলা ৰঙৰ পাগুৰি মাৰিছিল। কিয় বিশেষ আছিল এই নীলা ৰঙৰ পাগুৰি!
এবাৰ মনমোহৰ সিঙে নিজেই সদৰি কৰিছিল ইয়াৰ পাছৰ কাৰণ, নিজেই কৈছিল তেঁও কিয় কেৱল নীলা ৰঙৰেই পাগুৰি পৰিধান কৰিছিল।
এয়া ২০০৬ চনৰ কথা, যেতিয়া তেঁওক আইনৰ ডক্টৰেট উপাধিৰে সন্মানিত কৰাৰ বাবে এডিনবাৰ্গৰ ডিউক আৰু বিশ্ববিদ্যালয়ৰ চেঞ্চেলৰ প্ৰিঞ্চ ফিলিপে এই বিষয়ে প্ৰশ্ন কৰিছিল।
তেতিয়াই এই নীলা ৰঙৰ পাগুৰিৰ ৰহস্য ভেদ কৰিছিল ড০ মনমোহন সিঙে। সিঙে কৈছিল যে, ইয়াৰ মূলতে কেম্ব্ৰিজ ইউনিভাৰ্চিটি। য’ত তেওঁ অৰ্থনীতিৰ শিক্ষাগ্ৰহণ কৰিছিল।
এই কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত পঢ়া দিনৰে পৰা কেৱল এই ৰঙৰে পাগুৰি পিন্ধি আহিছে। কাৰণ নীলা তেখেতৰ প্ৰিয় ৰং। ইয়াৰ উপৰিও কেম্ব্ৰিজত পঢ়া দিনত কেৱল নীলা ৰঙৰে পাগুৰি পিন্ধা বাবে তেখেতৰ একপ্ৰকাৰৰ সুকীয়া ব্যক্তিত্বই গঢ় লৈ উঠিছিল সেই বিশ্ববিদ্যালয়ত।
বিশ্ববিদ্যালয়ৰ সকলোৱে তেখেতক ইয়াৰ বাবে এক উপনামো দিছিল। অধিকাংশ লোকে সেই উপনামেৰেই জানিছিল ড০ সিঙক। তেখেতক উপনাম দিছিল- ব্লু টাৰ্বান। ই একপ্ৰকাৰৰ সুকীয়া পৰিচয় হৈ পৰিছিল মনমোহন সিঙৰ বাবে । সেয়ে আজীৱন কেৱল এই ৰঙৰেই পাগুৰি পিন্ধি থাকিল ড০ মনমোহন সিঙে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ