অসম লাইভ ২৪ঃ মাৰ্ঘেৰিটাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা৷
উদণ্ড প্ৰেমিকে দাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলাল প্ৰেমিকাক৷
দেওবাৰে নিশা সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা৷
মাৰ্ঘেৰিটাৰ ষ্টেচনপাৰাৰ আকাশ দত্ত নামৰ যুৱকজনে দাৰে ঘপিয়াই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে এগৰাকী যুৱতীক।
ডিঙি আৰু মূৰত যথেষ্ট আঘাত পোৱা বুলি প্ৰকাশ।
বৰ্তমান সংকটজনক অৱস্থাত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত মৃত্যুৰে যুঁজিছে প্ৰেমিকাই।
প্ৰেমিক আকাশ দত্ত এজন ড্ৰাগছ আসক্ত যুৱক বুলি জানিব পৰা গৈছে।
যুৱকজনে পূৰ্বেও আক্ৰমণ কৰিছিল প্ৰেমিকাক।
ইফালে ঘটনা সংঘটিত কৰি পলায়ন কৰিছে প্ৰেমিক আকাশ দত্তই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ