অসম লাইভ ২৪: শিলসাঁকোত উচ্ছেদিত নিকুৱে আৰু ১০ মিনিট সময় বিচাৰি কাতৰ আহ্বান জনাব নালাগে চৰকাৰ-প্ৰশাসনক। নিজা ঠিকনা হʼল নিকুৰ। USTMৰ চৌহদ হ’ব এতিয়া নিকুৰ নতুন ঠিকনা। নিকু কলিতাৰ লগতে পৰিয়ালৰ দায়িত্ব ল’লে USTMৰ স্বত্বাধিকাৰী মহবুল হকে। পৰিয়ালৰ সৈতে USTMত থকাৰ ব্যৱস্থা কৰাৰ লগতে নিকুৰ অভিভাৱকক দিব USTMত কৰ্মসংস্থাপন৷
শিলসাঁকোত উচ্ছেদৰ সময়ত নিকু কলিতা নামৰ কণমানিটিৰ এটা সৰু ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। যি সময়ত প্ৰশাসনে শিলসাঁকোত উচ্ছেদ চলাইছিল, সেই সময়ত দুয়ো হাতত দুটা কাপোৰৰ টোপোলা লৈ আপোন ঘৰখন খালী কৰা দেখা গৈছিল শিশুটিক। নিকুৱে বস্তু কঢ়িয়াই থকাৰ মাজতেই এজন লোকক অনুৰোধ জনাইছিল, ‘আংকল আৰু অলপ সময় আহিব নিদিবাচোন, আমাৰ ঘৰ খালী কৰা হোৱাই নাই, আৰু ১০ মিনিট মানত হৈ যাব।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ