অসম লাইভ২৪ঃ ChatGPT আৰম্ভ হৈছে ২০২২ চনৰ নৱেম্বৰ মাহৰ পৰা। ChatGPTৰ আৰম্ভনিয়ে বিশ্বক অবাক কৰি তুলিছিল। প্ৰযুক্তি ইমান সোনকালেই ইমান শক্তিশালী হৈ উঠিব বুলি কোনোৱে কল্পনাও কৰিব পৰা নাছিল। ChatGPT লঞ্চ কৰাৰ কৰাৰ কিছুক্ষণ পাছতেই এটা ৰিপৰ্টত প্ৰকাশ পাইছিল যে, টেক জায়েণ্ট Googleৰ উপৰত চাপ সৃষ্টি হৈছে আৰু নিজস্ব পদ্ধতিৰে ChatGPTয়ে কাম কৰিব। ChatGPTৰ প্ৰসাৰেই ফেছবুক, ৱাটছএপৰ দৰে এপসমূহৰ জনপ্ৰিয়তা কমাই তুলিব।
লাহে লাহে ChatGPTয়ে বজাৰত প্ৰৱেশ কৰিছে। এবছৰৰো বেছি সময় ধৰি ChatGPTৰ প্ৰচাৰ কৰি থকা হৈছে। Metaইয়ো AIক আদৰি ল’লেও সঠিকবাবে এতিয়াও কাম কৰিব পৰা নাই। ইতিমধ্যে AIয়ে নিজস্ব AI চাটবট ঘোষণা কৰিছে। যিয়ে হোৱাটছএপ, ফেছবুক আৰু ইনষ্টাগ্ৰামৰ এটা অংশ হ’ব। এই চাটবট বৰ্তমান পৰ্যন্ত মাত্ৰ কেইজনমান ব্যৱহাৰকাৰীৰ বাবেহে উপলব্ধ হৈ আছে।
মেটাৰ প্ৰধান AI বিজ্ঞানী ইয়ান লেকুনে মাৰ্ক জুকাৰবাৰ্গক কৈছিল যে তেওঁলোকে অপেন AIৰ নতুন চাটবটৰ সৈতে শীঘ্ৰেই সংযুক্ত হ’ব। ইয়াৰোপৰি লেকুনে কয়, মেটাই শীঘ্ৰেই যদি AIসৈতে মিলিত হৈ নতুন চাটবটত কাম কৰে তেন্তে শীঘ্ৰেই ফেছবুক আৰু ইনষ্টাগ্ৰাম বন্ধ হৈ পৰিব পাৰে।
জুকাৰবাৰ্গে কিন্তু তাৎক্ষণিকভাৱে লেকুনৰ বিবৃত্তিক মিছা বুলি প্ৰকাশ কৰিছে। মেটাই এই বছৰৰ ছেপ্টেম্বৰ মাহত ফেছবুক আৰু ইনষ্টাগ্ৰাম আৰু ডেভেলপ কৰা হ’ব বুলিও প্ৰকাশ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ