শাহুৰ প্ৰেমত জোঁৱাই, শহুৰেই বিয়া পাতি দিলে দুয়োৰে
এক আজব-গজব খবৰ। শাহুৰ প্ৰেমত পৰিল জোঁৱাই। প্ৰেম মানে একেবাৰে এৰিব নোৱাৰা। বহু দিন ধৰি লুকাই চুৰকৈ প্ৰেম চলিল। পাছে কিমান দিনলৈ লুকাই থাকিব। এদিন হলেও ওলাই পৰিবই।
শহুৰৰ আগত ওলাই পৰিল সকলো। তাকো হাতে-লোটে ধৰা পৰিল প্ৰেমিক-প্ৰেমিকাৰূপী শাহু-জোঁৱাই। গতিকে আৰু ৰৈ থকাৰ সময় নাই। শহুৰে নিজেই বিয়া পাতি দিলে দুয়োৰে। তাকো সামাজিক বিয়াৰ লগতে কোৰ্ট মেৰেজো কৰাই দিয়ে একেলগে।
এই ঘটনা বিহাৰৰ বাংকাৰ। যি ঘটনা পোহৰলৈ অহাৰ পাছতে চাৰিওফালে চাঞ্চল্যৰ সৃষ্টি কৰিছে। বৰ্তমানে শাহুৰ সলনি পত্নী হোৱা নববিবাহিতাক লৈ জোঁৱাইৰ ঘৰলৈ যাত্ৰা।
ঘটনা সন্দৰ্ভত জানিব পৰা মতে, বিয়াৰ পাছতে পত্নীৰ বিয়োগ ঘটাত শহুৰৰ ঘৰতে থাকিবলৈ লয় জোঁৱাই। লাহে লাহে শাহু আৰু জোঁৱাই দুয়ো-দুয়োৰে প্ৰতি আকৰ্ষিত হ’বলৈ ধৰে।
যি ঘটনাত শহুৰৰ কিছু সন্দেহ হ’বলৈ আৰম্ভ কৰে। তদন্ত কৰোতে এদিন হাতে লোটে ধৰা পৰে দুয়ো। লগে লগে পঞ্চায়তৰ কাষ চাপে শহুৰ। পঞ্চায়তৰ নিৰ্দেশ অনুযায়ী শাহুৰ সৈতে বিয়া পাতি দিয়ে জোঁৱাইৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















