অসম লাইভ২৪ঃ দুই দশকৰো অধিক সময় ধৰি মঙলৰ ওপৰত বিশেষ গৱেষণা চলাই আছে আমেৰিকাই। আমেৰিকাৰ মহাকাশ গৱেষক সংস্থা নাছাই মঙললৈ পঠিয়াইছে কেইবাখনো যান। ২০২১ চনৰ পৰা মঙলত আছে চীনৰ মহাকাশযান তিয়ানৱেনো। পৃথিৱী এৰি মহাশূন্যৰ অন্যান্য কোনো গ্ৰহত মানুহ থাকিব পাৰিবনে? মানুহ থাকিব পৰা উপাদান অন্য গ্ৰহত আছেনে? এই সমূহ বিষয়ক লৈ পৰীক্ষা নিৰীক্ষা অব্যাহত ৰাখিছে বিভিন্ন দেশৰ মহাকাশ গৱেষণা সংস্থাই।
ইয়াৰোপৰি অন্যান্য কোনো গ্ৰহত জীৱ থাকিব পৰা সমল আছেনে বা পৃথিৱীৰ বাহিৰে অন্য গ্ৰহত জীৱ আছেনে এই সন্ধান প্ৰতিনিয়ত চলাই আছে কেইবাটাও মহাকাশ গৱেষণা সংস্থাই। মহাকাশ সংস্থাসমূহে পৃথিৱীৰ সৈতে মঙলৰ যোগাযোগ বজাই ৰাখিলেও প্ৰতি দুবছৰৰ অন্তৰে অন্তৰে এবাৰ দুই গ্ৰহৰ মাজত সংযোগ বিচ্ছিন্ন হয়। এই সময়ত মঙলত থকা মহাকাশযানসমূহৰ সৈতে কোনো মহাকাশ সংস্থাই যোগাযোগ ৰাখিব নোৱাৰে। এই পৰিস্থিতিৰ সৃষ্টি হয় সৌৰ সংযোগৰ কাৰণে। প্ৰতি ২৬ মাহৰ অন্তত সৌৰ সংযোগৰ ঘটনা ঘটে। এই সময়ত সূৰ্যৰ দুটা ফালে অৱস্থান কৰে মঙল আৰু পৃথিৱীয়ে। অৰ্থাৎ সূৰ্যৰ কাষত থাকে মঙল আৰু ঠিক ওলোটা ফালে থাকে পৃথিৱী।
এটাই আনটোৰ বিপৰীত দিশত থকাৰ বাবে সূৰ্যৰ কাৰণে দুটা গ্ৰহৰ মাজত ৰেডিঅ’ সংযোগ ব্যাহত হয়। ফলত মঙলৰ পৰা প্ৰায় কোনো তথ্যই পৃথিৱীলৈ আহি নাপায়। সৌৰ সংযোগৰ সময়ত সাময়িকভাৱে দুটা গ্ৰহই এটা আনটোৰ পৰা অদৃশ্য হৈ পৰে। পৃথিৱীৰ পৰা মঙলক দেখা নাযায়। নাছাই জনোৱা অনুসৰি ২০২৩ চনৰ ১১ ৰ পৰা ২৫ নৱেম্বৰ পৰ্যন্ত সৌৰ সংযোগৰ ঘটনা ঘটিব। সূৰ্যৰ ২ ডিগ্ৰীৰ মাজত থাকিব মঙল। এই সময়ত মঙল গ্ৰহত থকা কোনো মহাকাশযানৰ সকলো কাৰ্যকলাপেই বন্ধ হৈ পৰিব। ২৫ নৱেম্বৰ পৰ্যন্ত সৌৰ সংযোগ শেষ হ’লে আকৌ দুই গ্ৰহৰ মাজত সংযোগ স্থাপনৰ চেষ্টা কৰিব নাছাই। এই সময়ত মঙলৰ মহাকাশযানৰ পৰা ৰেডিঅ’ সংকেত পৃথিৱীলৈ আহি নাপাব। অৰ্থাৎ খুব প্ৰয়োজন নহ’লে এই মহাকাশযানে কোনো বাৰ্তা পৃথিৱীলৈ নপঠিয়াই।
নৱেম্বৰ মাহৰ এই বিশেষ দিনকেইটাত মঙল গ্ৰহত থকা মহাকাশযানৰ যাতে কোনো ক্ষতি নহয় সেই দিশত বিশেষ নজৰ ৰাখিব নাছাৰ জেট প্ৰপালছন লেবৰটিৰ বিজ্ঞানীয়ে। বেছ কিছু কৌশলো তৈয়াৰ কৰিছে তেওঁলোকে। নাছাই জনোৱা অনুসৰি মঙলত থকা মহাকাশযানৰ সৈতে যিসকল যুক্ত হৈ আছে তেওঁলোকেও এই সকলো যন্ত্ৰপাতি বন্ধ কৰি ৰাখিব।যন্ত্ৰপাতি বন্ধ হৈ থাকিলেও বিশেষ কোনো কাৰণত যদি মঙলৰ পৰা পৃথিৱীলৈ কোনো তথ্য আহে তেন্তে এই তথ্য সংৰক্ষিত হৈ থাকিব। যদিও এই সময়ত পঠিওৱা কিছু তথ্য সৌৰ সংযোগৰ কাৰণে সম্পূৰ্ণৰূপে পৃথিৱীলৈ আহি নাপাবও পাৰে।
সৌৰ সংযোগৰ সময়ত পৃথিৱীৰ পৰা মঙলৰ মহাকাশযানলৈ নতুন কোনো তথ্য বিচাৰি বিজ্ঞানীয়ে কোনোধৰণৰ ছিগনেল নপঠিয়াই। সূৰ্যৰ পৰা আধানযুক্ত কণাৰ কাৰণে যাচে এই গ্ৰহৰ পৰা অন্য গ্ৰহলৈ পঠোৱা বাৰ্তা হেৰাই নাযায় তাৰবাবেই তথ্য আদান প্ৰদান প্ৰক্ৰিয়া স্থগিত ৰাখিব। এই সময়ত বিজ্ঞানীয়ে মহাকাশযানসমূহক অটোপাইলট প্ৰযুক্তিত ৰাখি থ’ব। মহাকাশযানসমূহে এইসময়ত কোনোধৰণৰ নিৰ্দেশ অবিহনেই কাম কৰিবলৈ আৰম্ভ কৰিব। অৱশ্যে এইক্ষেত্ৰত কিছু অসুবিধাও আছে। সেয়ে এই দুসপ্তাহ বিজ্ঞানীসকলৰ বাবে খুবেই উদ্বেগপূৰ্ণ। নাছাৰ ওপৰিও চীনৰো মহাকাশযান আছে ৰঙাগ্ৰহত। মহাকাশযানক বাদ দিও একাধিক অৰবিটাৰ মঙলৰ কক্ষপথত ঘূৰি তথ্য সংগ্ৰহৰ কামত ব্যস্ত হৈ আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ