• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অদৃশ্য হৈ পৰিব ৰঙাগ্ৰহ! মঙল গ্ৰহক লৈ উদ্বিগ্ন হৈ পৰিছে বিজ্ঞানী, কিয় হঠাৎ অদৃশ্য হোৱাৰ পথত মঙল? কি কৈছে নাছাই?

অদৃশ্য হৈ পৰিব ৰঙাগ্ৰহ! মঙল গ্ৰহক লৈ উদ্বিগ্ন হৈ পৰিছে বিজ্ঞানী, কিয় হঠাৎ অদৃশ্য হোৱাৰ পথত মঙল? কি কৈছে নাছাই?

3 years ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

2 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

3 hours ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

3 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

4 hours ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

4 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

5 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

5 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

6 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

6 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

7 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

7 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অদৃশ্য হৈ পৰিব ৰঙাগ্ৰহ! মঙল গ্ৰহক লৈ উদ্বিগ্ন হৈ পৰিছে বিজ্ঞানী, কিয় হঠাৎ অদৃশ্য হোৱাৰ পথত মঙল? কি কৈছে নাছাই?

editor by editor
November 9, 2023
in জীৱনশৈলী, বিশ্ব, লেখা
0
অদৃশ্য হৈ পৰিব ৰঙাগ্ৰহ! মঙল গ্ৰহক লৈ উদ্বিগ্ন হৈ পৰিছে বিজ্ঞানী, কিয় হঠাৎ অদৃশ্য হোৱাৰ পথত মঙল? কি কৈছে নাছাই?
0
SHARES
4.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দুই দশকৰো অধিক সময় ধৰি মঙলৰ ওপৰত বিশেষ গৱেষণা চলাই আছে আমেৰিকাই। আমেৰিকাৰ মহাকাশ গৱেষক সংস্থা নাছাই মঙললৈ পঠিয়াইছে কেইবাখনো যান। ২০২১ চনৰ পৰা মঙলত আছে চীনৰ মহাকাশযান তিয়ানৱেনো। পৃথিৱী এৰি মহাশূন্যৰ অন্যান্য কোনো গ্ৰহত মানুহ থাকিব পাৰিবনে? মানুহ থাকিব পৰা উপাদান অন্য গ্ৰহত আছেনে? এই সমূহ বিষয়ক লৈ পৰীক্ষা নিৰীক্ষা অব্যাহত ৰাখিছে বিভিন্ন দেশৰ মহাকাশ গৱেষণা সংস্থাই।

ইয়াৰোপৰি অন্যান্য কোনো গ্ৰহত জীৱ থাকিব পৰা সমল আছেনে বা পৃথিৱীৰ বাহিৰে অন্য গ্ৰহত জীৱ আছেনে এই সন্ধান প্ৰতিনিয়ত চলাই আছে কেইবাটাও মহাকাশ গৱেষণা সংস্থাই। মহাকাশ সংস্থাসমূহে পৃথিৱীৰ সৈতে মঙলৰ যোগাযোগ বজাই ৰাখিলেও প্ৰতি দুবছৰৰ অন্তৰে অন্তৰে এবাৰ দুই গ্ৰহৰ মাজত সংযোগ বিচ্ছিন্ন হয়। এই সময়ত মঙলত থকা মহাকাশযানসমূহৰ সৈতে কোনো মহাকাশ সংস্থাই যোগাযোগ ৰাখিব নোৱাৰে। এই পৰিস্থিতিৰ সৃষ্টি হয় সৌৰ সংযোগৰ কাৰণে। প্ৰতি ২৬ মাহৰ অন্তত সৌৰ সংযোগৰ ঘটনা ঘটে। এই সময়ত সূৰ্যৰ দুটা ফালে অৱস্থান কৰে মঙল আৰু পৃথিৱীয়ে। অৰ্থাৎ সূৰ্যৰ কাষত থাকে মঙল আৰু ঠিক ওলোটা ফালে থাকে পৃথিৱী।

এটাই আনটোৰ বিপৰীত দিশত থকাৰ বাবে সূৰ্যৰ কাৰণে দুটা গ্ৰহৰ মাজত ৰেডিঅ’ সংযোগ ব্যাহত হয়। ফলত মঙলৰ পৰা প্ৰায় কোনো তথ্যই পৃথিৱীলৈ আহি নাপায়। সৌৰ সংযোগৰ সময়ত সাময়িকভাৱে দুটা গ্ৰহই এটা আনটোৰ পৰা অদৃশ্য হৈ পৰে। পৃথিৱীৰ পৰা মঙলক দেখা নাযায়। নাছাই জনোৱা অনুসৰি ২০২৩ চনৰ ১১ ৰ পৰা ২৫ নৱেম্বৰ পৰ্যন্ত সৌৰ সংযোগৰ ঘটনা ঘটিব। সূৰ্যৰ ২ ডিগ্ৰীৰ মাজত থাকিব মঙল। এই সময়ত মঙল গ্ৰহত থকা কোনো মহাকাশযানৰ সকলো কাৰ্যকলাপেই বন্ধ হৈ পৰিব। ২৫ নৱেম্বৰ পৰ্যন্ত সৌৰ সংযোগ শেষ হ’লে আকৌ দুই গ্ৰহৰ মাজত সংযোগ স্থাপনৰ চেষ্টা কৰিব নাছাই। এই সময়ত মঙলৰ মহাকাশযানৰ পৰা ৰেডিঅ’ সংকেত পৃথিৱীলৈ আহি নাপাব। অৰ্থাৎ খুব প্ৰয়োজন নহ’লে এই মহাকাশযানে কোনো বাৰ্তা পৃথিৱীলৈ নপঠিয়াই।

নৱেম্বৰ মাহৰ এই বিশেষ দিনকেইটাত মঙল গ্ৰহত থকা মহাকাশযানৰ যাতে কোনো ক্ষতি নহয় সেই দিশত বিশেষ নজৰ ৰাখিব নাছাৰ জেট প্ৰপালছন লেবৰটিৰ বিজ্ঞানীয়ে। বেছ কিছু কৌশলো তৈয়াৰ কৰিছে তেওঁলোকে। নাছাই জনোৱা অনুসৰি মঙলত থকা মহাকাশযানৰ সৈতে যিসকল যুক্ত হৈ আছে তেওঁলোকেও এই সকলো যন্ত্ৰপাতি বন্ধ কৰি ৰাখিব।যন্ত্ৰপাতি বন্ধ হৈ থাকিলেও বিশেষ কোনো কাৰণত যদি মঙলৰ পৰা পৃথিৱীলৈ কোনো তথ্য আহে তেন্তে এই তথ্য সংৰক্ষিত হৈ থাকিব। যদিও এই সময়ত পঠিওৱা কিছু তথ্য সৌৰ সংযোগৰ কাৰণে সম্পূৰ্ণৰূপে পৃথিৱীলৈ আহি নাপাবও পাৰে।

সৌৰ সংযোগৰ সময়ত পৃথিৱীৰ পৰা মঙলৰ মহাকাশযানলৈ নতুন কোনো তথ্য বিচাৰি বিজ্ঞানীয়ে কোনোধৰণৰ ছিগনেল নপঠিয়াই। সূৰ্যৰ পৰা আধানযুক্ত কণাৰ কাৰণে যাচে এই গ্ৰহৰ পৰা অন্য গ্ৰহলৈ পঠোৱা বাৰ্তা হেৰাই নাযায় তাৰবাবেই তথ্য আদান প্ৰদান প্ৰক্ৰিয়া স্থগিত ৰাখিব। এই সময়ত বিজ্ঞানীয়ে মহাকাশযানসমূহক অটোপাইলট প্ৰযুক্তিত ৰাখি থ’ব। মহাকাশযানসমূহে এইসময়ত কোনোধৰণৰ নিৰ্দেশ অবিহনেই কাম কৰিবলৈ আৰম্ভ কৰিব। অৱশ্যে এইক্ষেত্ৰত কিছু অসুবিধাও আছে। সেয়ে এই দুসপ্তাহ বিজ্ঞানীসকলৰ বাবে খুবেই উদ্বেগপূৰ্ণ। নাছাৰ ওপৰিও চীনৰো মহাকাশযান আছে ৰঙাগ্ৰহত। মহাকাশযানক বাদ দিও একাধিক অৰবিটাৰ মঙলৰ কক্ষপথত ঘূৰি তথ্য সংগ্ৰহৰ কামত ব্যস্ত হৈ আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24best news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?
জীৱনশৈলী

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

October 6, 2026
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ
ৰাজনীতি

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

October 6, 2026
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি
ৰাজনীতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

October 6, 2026
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব
জীৱনশৈলী

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

October 6, 2026
Next Post
ছলমানৰ পৰা অক্ষয়, ৰবীনাৰ পৰা কৰিশ্মা, বাগদান পৰ্ব সম্পন্ন কৰিও বিয়া ভাঙিছে এইসকল বলীউড তাৰকাই, কাৰণ জানিলে আপোনাৰো চকু কঁপালত উঠিব

ছলমানৰ পৰা অক্ষয়, ৰবীনাৰ পৰা কৰিশ্মা, বাগদান পৰ্ব সম্পন্ন কৰিও বিয়া ভাঙিছে এইসকল বলীউড তাৰকাই, কাৰণ জানিলে আপোনাৰো চকু কঁপালত উঠিব

চাকৰিৰ সুযোগ আহিছে লাখ লাখ ভাৰতীয়লৈ! দেশলৈ আহিব বিদেশী মুদ্ৰা! ইজৰাইলৰ যুদ্ধৰ পৰা ভাৰতৰ কি কি লাভ?

চাকৰিৰ সুযোগ আহিছে লাখ লাখ ভাৰতীয়লৈ! দেশলৈ আহিব বিদেশী মুদ্ৰা! ইজৰাইলৰ যুদ্ধৰ পৰা ভাৰতৰ কি কি লাভ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.