জ্যোতিষশাস্ত্ৰ অনুসৰি গ্ৰহৰ অৱস্থান আৰু দৃষ্টিৰ প্ৰভাৱে মানুহৰ জীৱনযাত্ৰাত বৃহৎ পৰিবৰ্তন আনিব পাৰে৷ জ্যোতিষ গণনাই কৈছে, আগন্তুক ৫ মাৰ্চ ২০২৬ মঙ্গল আৰু ন্যায়ৰ প্ৰতীক শনিয়ে এটাই আনটোৰ সৈতে ৩০ ডিগ্ৰি কোণত অৱস্থান কৰিব৷ ইয়াৰ ফলত তৈয়াৰ হ’ব বিশেষ দ্বিদ্বাদশ দৃষ্টি যোগ৷ এই যোগক জ্যোতিষশাস্ত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ধাৰণা কৰা হয়৷
জ্যোতিষবিদৰ মতে যেতিয়া মঙ্গলৰ সাহস আৰু কৰ্মশক্তি শনিৰ শৃঙ্খলা আৰু স্থায়িত্বৰ সৈতে ভাৰসাম্যত আহে তেতিয়া বহু ৰাশিৰ জীৱনত উন্নতিৰ নতুন পথ খুলি যায়৷ এই গ্ৰহযোগৰ প্ৰভাৱত কৰ্মজীৱন, অৰ্থভাগ্য আৰু ব্যক্তিগত জীৱনত ইতিবাচক পৰিবৰ্তনে দেখা দিব পাৰে৷ বিশেষকৈ পাঁচটা ৰাশিৰ বাবে এই সময় অত্যন্ত শুভ৷
মেষ ৰাশি
মেষ ৰাশিৰ অধিপতি গ্ৰহ মঙ্গল৷ শনিৰ সৈতে এই বিশেষ দৃষ্টি যোগে মেষ ৰাশিৰ জাতকৰ বাবে সাহস আৰু আত্মবিশ্বাস আৰু বাঢ়িব৷ দীৰ্ঘদিন ধৰি ৰৈ থকা চৰকাৰী বা প্ৰশাসনিক কামত আগুৱাব৷ কৰ্মক্ষেত্ৰত নেতৃত্বগুণৰ স্বীকৃতি পাব৷ আৰ্থিক দিশৰ পৰা লাভৰ সম্ভাৱনা প্ৰৱল৷
মিথুন ৰাশি
মিথুন ৰাশিৰ বাবে এই গ্ৰহযোগে অৰ্থনৈতিক উন্নতিৰ ইংগিত দিছে৷ শনি আৰু মঙ্গলৰ প্ৰভাৱত আয়ৰ নতুন উৎস তৈয়াৰ কৰিব পাৰে৷ বিনিয়োগ সংক্ৰান্তিয় সিদ্ধান্তৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে৷ বিদেশযাত্ৰা বা উচ্চশিক্ষাৰ পৰিকল্পনা থাকিলে ৫ মাৰ্চৰ পাছত পৰিস্থিতি অনুকূল হব পাৰে৷
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকৰ আত্মবিশ্বাস এই সময়ত নতুন উচ্চতালৈ যাব৷ সম্পত্তি বা মাটি ঘৰ সংক্ৰান্তিয় জটিলতা থাকিলে তাৰ সমাধান লাভৰ সম্ভাৱনা আছে৷ সমাজত সন্মান বাঢ়িব৷ প্ৰভাৱশালী ব্যক্তিৰ সৈতে যোগাযোগ তৈয়াৰ হব পাৰে৷ যি ভৱিষ্যতে কামত আহিব৷
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰো অধিপতি গ্ৰহ মঙ্গল৷ ফলত এই গ্ৰহযোগৰ প্ৰভাৱ এতিয়া বিশেষভাৱে কাৰ্যকৰ হব৷ কৰ্মক্ষেত্ৰত শৃঙ্খলা আৰু স্থায়িত্ব আহিব৷ চাকৰিয়ালৰ পদোন্নতিৰ যোগ দেখা গৈছে৷ দীৰ্ঘদিনৰ শাৰীৰিক সমস্যা ধীৰে ধীৰে কমিব পাৰে৷ মানসিক প্ৰশান্তি অনুভৱ কৰিব৷
কুম্ভ ৰাশি
শনিৰ নিজস্ব ৰাশি কুম্ভ৷ মঙ্গলৰ সৈতে এই দৃষ্টি যোগে কুম্ভ ৰাশিৰ জাতকৰ দক্ষতা আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা বঢ়াব৷ ব্যৱসায়ত নতুন অংশীদাৰ যুক্ত হব পাৰে৷ ফলত ব্যৱসায়ৰ প্ৰসাৰ ঘটিব৷ পাৰিবাৰিক জীৱনত সুখ আৰু সম্পৰ্কৰ উন্নতিৰ ইংগিত আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















