জুন মাহৰ আৰম্ভণিতেই সিংহ ৰাশিত মিলিত হব মঙল আৰু কেতু। ৭ জুনত মঙল সিংহ ৰাশিলৈ আহিব। কেতু তাত পূৰ্বৰে পৰাই অৱস্থান কৰি আছে। সেয়ে সিংহ ৰাশিতেই যুঁটি গঠন কৰিব মঙল আৰু কেতুৱে। জ্যোতিষ অনুসৰি মঙল হৈছে অগ্নি গ্ৰহ। এই গ্ৰহৰ প্ৰতীক জুই। আকৌ সিংহ ৰাশিৰ উপাদানো জুই। অন্যহাতে কেতু হৈছে ছায়া গ্ৰহ। জুই আৰু ছায়াৰ মিলনত গঠিত হৈছে কুজকেতু যোগ। বৈদিক জ্যোতিষ অনুসৰি এই যোগ কোনো কোনো ৰাশিৰ বাবে বিশেষ ক্ষতিকৰ হব পাৰে। জানি থওক কুজকেতু যোগৰ প্ৰভাৱত কাৰ কাৰ সন্মুখত ডাঙৰ বিপদ আহি আছে?
মেষ ৰাশিত কুজকেতু যোগৰ প্ৰভাৱ
মেষ ৰাশিৰ পঞ্চম ঘৰত গঠিত হব কুজকেতু যোগ। এই যোগৰ প্ৰভাৱত উচ্চশিক্ষাত বাধা পাব পাৰে। সন্তানক লৈ মনত উদ্বেগ থাকিব। প্ৰেম জীৱনলৈ নানান সমস্যা আহিব পাৰে। মঙল আৰু কেতুৰ প্ৰভাৱত কাৰ্যালয়তো সমস্যাৰ সন্মুখীন হব পাৰে। সহকৰ্মীৰ সৈতে মতৰ অমিল হব পাৰে। কাম মাজপথত ৰৈ যাব পাৰে। কামৰ সময়ত বন্ধুক কাষত নাপাব পাৰে।
বৃষ ৰাশিত কুজকেতু যোগৰ প্ৰভাৱ
কৰ্কট ৰাশিত কুজকেতু যোগৰ প্ৰভাৱ
সিংহ ৰাশিত কুজকেতু যোগৰ প্ৰভাৱ
সিংহ ৰাশিৰ প্ৰথম ঘৰতেই গঠিত হব কুজকেতু যোগ। এই অশুভ যোগৰ প্ৰভাৱত সিংহ ৰাশিৰ জাতকৰ আক্ৰমণাত্মক স্বভাৱ বহুগুণে বৃদ্ধি পাব। কিছু ভুল সিদ্ধান্ত আপুনি লৈ পেলাব যাৰ ফলত অপমানিত হব। দাম্পত্য় জীৱনতো অশান্তি থাকিব। আনকি সম্পৰ্কৰ অৱনতি লৈ ডিভোৰ্ছৰ পথলৈকো আগুৱাব পাৰে।
বৃশ্চিক ৰাশিত কুজকেতু যোগৰ প্ৰভাৱ
বৃশ্চিক ৰাশিৰ দশম ঘৰত গঠিত হব কুজকেতু যোগ। ইয়াৰ ফলত সকলো কামতেই অতিৰিক্ত পৰিশ্ৰম কৰিব লাগিব বৃশ্চিক ৰাশিৰ জাতকে। কুজকেতু যোগৰ মিশ্ৰ ফল পাব আপুনি। প্ৰচুৰ যুদ্ধৰ অন্ততহে সাফল্য আহিব। জীৱনৰ কঠিন সময় আহিলেও বন্ধুক কাষত পাব। নিজৰ প্ৰতি বিশ্বাস হেৰুৱাই পেলাব। কোনো কাম কৰিবলৈ মনলৈ উদ্যম আহিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















