অসম লাইভ ২৪ঃ পৃথিৱীৰ বাহিৰত জীৱৰ সৃষ্টি হ’বনে নহয় তাক লৈ বিজ্ঞানীসকলে দীৰ্ঘদিন ধৰি চলাই আহিছে চিন্তা-চৰ্চা। পিছে এইবাৰ অন্য গ্ৰহত জীৱৰ সৃষ্টিক লৈ বিশেষ সফলতা লাভ কৰিলে বিজ্ঞানীয়ে। জাপানৰ বিজ্ঞানীয়ে কৰি দেখুৱালে এই কৰিশ্মা। জাপানৰ বিজ্ঞানীসকলৰ এক পৰীক্ষাত পৃথিৱীৰ বাহিৰত মানুহে সন্তান জন্ম দিব পৰাৰ তথ্য পোহৰলৈ আহিছে। বিজ্ঞানীসকলে এই সন্দৰ্ভত বিগত ৬ বছৰে চলাইছিল পৰীক্ষা। সেই পৰীক্ষাত ব্যৱহাৰ কৰা হৈছিল নিগনিৰ স্পাম। ৬ বছৰে সেই স্পাম ৰখা হৈছিল মহাকাশত। ৬ বছৰৰ পাছত সেই স্পামৰ পৰা জন্ম হ’ল নিগনি। সেই নিগনিকেইটাৰ স্বাস্থ্য পৰীক্ষা কৰোৱাত সম্পূৰ্ণ সুস্থ হোৱাৰ লগতে কোনো জেনেটিক অসুবিধা ওলোৱা নাই। এই পৰীক্ষাৰ জৰিয়তে জাপানীসকলে মংগল গ্ৰহত সন্তান জন্ম দিব পাৰিব বুলি দাবী কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ