অসম লাইভ ২৪ঃ টকিঅ’ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত ভাৰতীয় দলৰ হৈ পতাকা বহন কৰিব ভাৰতীয় তাৰকা খেলুৱৈ মেৰীকম আৰু মনপ্ৰিত সিঙে। সোমবাৰে এই কথা ঘোষণা কৰে ভাৰতীয় অলিম্পিক এছ’চিয়েচনে। বক্সাৰ মেৰী কম আৰু ভাৰতীয় হকী দলৰ অধিনায়ক মনপ্ৰিত সিঙে ভাৰতীয় দলক নেতৃত্ব দিব। ২৩ জুলাইত অনুষ্ঠিত হ’ব উদ্বোধনী অনুষ্ঠান। আনহাতে ৮ আগষ্টত অনুষ্ঠিত হ’বলগীয়া সামৰণি অনুষ্ঠানত পতাকাবাহীৰ ভূমিকা পালন কৰিব মল্লযোদ্ধা বজৰং পুনিয়াই। অলিম্পিকৰ আয়োজক কমিটিত এই সম্পৰ্কে জনাইছে ভাৰতীয় অলিম্পিক এছ’চিয়েনে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ