অসম লাইভ২৪ঃ দুধনৈৰ বাখ্ৰাখুঁটি থকা ছেইণ্ট পিটাৰ্ছ নেচনেল একাডেমীৰ এজন শিক্ষকৰ লজ্জাজনক কাণ্ড৷ বিদ্যালয়খনৰে এগৰাকী ছাত্ৰীক WhatsApp-ত অশালীন মেছেজ আৰু ফটো প্ৰেৰণৰ অভিযোগ উত্থাপিত হৈছে এজন শিক্ষকৰ বিৰুদ্ধে। এই ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতিৰ।
অভিযোগ অনুসৰি, বিদ্যালয়খনৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক WhatsApp-ত নিশা অশালীন মেছেজ আৰু ফটো প্ৰেৰণ কৰি আহিছিল সৌৰভ ওজা নামৰ শিক্ষকজনে। ইমানেই নহয়, বিনামূলীয়াকৈ টিউচন লোৱাৰ সুযোগ প্ৰদান কৰাৰো অফাৰ দিছিল ছাত্ৰীগৰাকীক।
অশালীন ইংগিতেৰে ছাত্ৰীগৰাকীক লাইব্ৰেৰীলৈ মাতি পঠিওৱাৰ অভিযোগো উত্থাপিত হৈছে শিক্ষকজনৰ বিৰুদ্ধে। নিশা শিক্ষকজনৰ মেছেজ, ফটো দেখি ছাত্ৰীগৰাকীয়ে সকলো কথা পিতৃ–মাতৃক বিৱৰি কয়। তাৰ পিছতে অভিভাৱকে স্কুল কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰে। অভিযোগ দিয়াৰ পিছতো বিদ্যালয় কৰ্তৃপক্ষই শিক্ষকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলি একাংশ অভিভাৱকে বিদ্যালয়ত উপস্থিত হৈ শিক্ষকজনক বিচাৰি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। বিদ্যালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পাছতে বিদ্যালয় কৰ্তৃপক্ষই শিক্ষকজনক নিলম্বন কৰাৰ কথা ঘোষণা কৰে৷ ইফালে, ছাত্ৰীগৰাকীৰ অভিভাৱকে থানাত শিক্ষকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ