পবিত্ৰ ৰমজান মাহতে সংঘটিত এক ভয়ংকৰ বোমা বিস্ফোৰণত অতি কমেও ৩৩ গৰাকী লোক নিহত হোৱাৰ লগতে ৪৩ গৰাকী লোক আহত হৈছে৷
যোৱা শুকুৰবাৰে তালিবান শাসিত আফগানিস্তানৰ কুন্দজ জিলাৰ ইমাম চাহিব মছজিদত এই ভয়ংকৰ বোমা বিস্ফোৰণটো সংঘটিত হয়৷
সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি মছজিদত নামাজ পঢ়ি থকাৰ সময়তে বিস্ফোৰণটো সংঘটিত হোৱাৰ ফলতে অতি কমেও ৩৩ জন লোক নিহত হৈছে৷ ইফালে আহত ৪৩ গৰাকীৰ ভিতৰত শিশু আৰু মহিলাও আছে বুলি জানিব পৰা গৈছে৷
লগতে পঢ়ক আকাশলংঘী ইন্ধন! কেনেকৈ বৈদ্যুতিক সংস্কৰণ কৰিব আপোনাৰ দুচকীয়া বাহন?
ইফালে আফগানিস্তানৰ সংবাদ মাধ্যম ট’ল’নিউজ-এ কুন্দুজ ইমাম চাহিব জিলাৰ আৰক্ষী মুৰব্বী হাফিজ ওমৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰিছে যে শুকুৰবাৰে আবেলি মাওলাৱী ছিকন্দৰ মছজিদত সংঘটিত হোৱা বিস্ফোৰণটো অতি ভয়ংকৰ আছিল৷ নিৰাপত্তা সূত্ৰ আৰু প্ৰত্যক্ষদৰ্শীৰ মতে বিস্ফোৰণটোত অতি কমেও ৩০ জন লোক নিহত হৈছে৷
বিস্ফোৰণ আহতসকলক ততাতৈয়াকৈ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷
আনহাতে, এই ভয়ংকৰ বিস্ফোৰণটোক ইছলামিক এমিৰেটছৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে তীব্ৰ ভাষাৰে গৰিহণা দি কয় যে বিস্ফোৰণটোত জড়িত থকা লোকসকলক কৰায়ত্ত কৰিবলৈ অভিযান অব্যাহত ৰখা হৈছে।
লগতে পঢ়ক ‘চুপ থাকক,’ পুত্ৰ হেৰুওৱা মাতৃক আঙুলি দেখুওৱাই দুৰ্ব্যৱহাৰ জিলা দণ্ডাধীশৰ
উল্লেখ্য যে আফগানিস্তানৰ ক্ষমতা তালিবানে হস্তগত কৰাৰ পিছৰে পৰা দেশখনত বোমা বিস্ফোৰণ পুনৰ এক নৈমিত্তিক ঘটনা হৈ পৰা দেখা গৈছে৷
ইফালে এই ভয়ংকৰ বিস্ফোৰণটো কোনে সংঘটিত কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷ এতিয়ালৈকে দেশখনৰ কোনো সন্ত্ৰাসবাদী সংগঠনে বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ