বিগত কেইবাদিন ধৰি অৰুণাচল প্ৰদেশত ধাৰাসাৰ বৰষুণ। বৰষুণৰ বাবেই ব্য়াহত হৈ পৰিছে সাধাৰণ জনজীৱন। তাৰমাজতেই এইবাৰ অৰুণাচলৰ পৰা আহিছে আন এক ভয়ংকৰ খবৰ। ধাৰাসাৰ বৰষুণৰ ফলত অৰুণাচলত খহি পৰিছে ৰাষ্ট্ৰীয় ঘাইপথ। ৰাষ্ট্ৰীয় ঘাইপথ খহি অহাৰ ফলতেই এখন জিলাৰ সৈতে সংযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে।
মঙলবাৰে নিশা হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত ডিবাং ভেলিত সংঘটিত হৈছে এই ঘটনা। ডিবাং ভেলিৰ মাজেৰেই পাৰ হৈছে ৩৩নং ৰাষ্ট্ৰীয় ঘাইপথ। সমগ্ৰ অৰুণাচলৰ সৈতে ডিবাং ভেলীক এই ৰাষ্ট্ৰীয় ঘাইপথেই সংযোগ কৰাই ৰাখিছে। কিন্তু বৃষ্টিপাতৰ ফলত পাহাৰ খহি ৩৩ নং ৰাষ্ট্ৰীয় ঘাইপথ খহি পৰিছে। ৰাষ্ট্ৰীয় ঘাইপথ খহি পৰাৰ দৃশ্যও ভাইৰেল হৈছে সামাজিক মাধ্যমত।
https://x.com/rose_k01/status/1783375764827820476
ৰাস্তা খহি যোৱাৰ ফলতেই অৰুণাচল প্ৰদেশৰ সৈতে সংযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈছে ডিবাং ভেলীৰ। চীন সীমান্তৰ গাতে লাগি থকা ডিবাং ভেলীৰ সৈতে অৰুণাচল প্ৰদেশৰ সংযোগ বিচ্ছিন্ন হোৱাত ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে ডিবাং ভেলীৰ বাসিন্দাসকলো। ইতিমধ্যে দ্য়া নেশ্ব্য়নেল হাইৱে এণ্ড ইনফ্ৰাছট্ৰাকছাৰ ডেভেলপমেণ্ট কৰ্পৰেশ্ব্যন লিমিটেডে ৰাস্তা মেৰামতিৰ কাম আৰম্ভ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ