অসম লাইভ২৪- বৈদিক জ্যোতিষমতে ভৰণী হৈছে অত্যন্ত শক্তিশালী আৰু গুৰুত্বপূৰ্ণ এটা নক্ষত্ৰ। ঠিক দুদিন পাছতেই অর্থাত্ আগন্তুক ২৭ এপ্ৰিল শনিবাৰে ভৰণী নক্ষত্ৰত গোচৰ কৰিব সূৰ্যই। ভৰণীত সূৰ্য প্ৰৱেশ কৰিলে যেনেকৈ কোনো কোনো ৰাশিয়ে শুভ ফল লাভ কৰিব তেনেকৈ অইন কোনো কোনো ৰাশিয়ে অশুভ প্ৰভাৱ লাভ কৰিব।
ভৰণী নক্ষত্ৰৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ। ২৭ এপ্ৰিলৰ নিশা ১২ বজাত সূৰ্যই ভৰণী নক্ষত্ৰত প্ৰৱেশ কৰিব। আগন্তুক ১১ মে পৰ্যন্ত ভৰণীতেই অৱস্থান কৰিব সূৰ্যই। জ্য়োতিষ অনুসৰি শুক্ৰ আৰু সূৰ্য হৈছে পৰস্পৰৰ শত্ৰু গ্ৰহ। শত্ৰুৰ ঘৰত সূৰ্যৰ প্ৰৱেশৰ কাৰণে বহুতৰে জীৱনত এই সময়ত নানা সমস্যাইয়ো দেখা দিব। ভৰণী নক্ষত্ৰ জীৱনচক্ৰৰ আৰম্ভণিৰ সৈতে যুক্ত। সৃষ্টি আৰু উৰ্বৰতাৰ ওপৰত প্ৰভাৱ পেলাই ভৰণীয়ে। ভৰণী নক্ষত্ৰৰ কৃপা থকা জাতকে সৃজনশীল, উচ্চাকাংশী আৰু স্বাধীনচেতীয়া। ব’হাগ মাহৰ কৃষ্ণপক্ষৰ তৃতীয়া তিথিত ভৰণী নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্যই।
ভৰণী নক্ষত্ৰৰ গোচৰ কাৰ বাবে অশুভ?
২৭ এপ্ৰিলৰ পৰা ১১ মে পৰ্যন্ত ভৰণী নক্ষত্ৰত অৱস্থান কৰিব সূৰ্যই। নিউমাৰলজি গণনাত দেখা গৈছে যে এই গোচৰৰ অশুভ ফল পাব কেইটামান ৰাশিৰ জাতকে। নিউমাৰলজিষ্টে জনোৱা অনুসৰি অ, আ, ই, উ, ল আৰু ভ ৰে যাৰ নাম আৰম্ভ হয় তেওঁলোকৰ বাবে এই সময় অশুভ। ইয়াৰোপৰি ভৰণী, কৃতিকা আৰু ৰোহিনী নক্ষত্ৰৰ জাতকেও ভৰণীত সূৰ্যৰ গোচৰৰ ফলত চেলেঞ্জৰ মুখত পৰিব। এই সময়ত তেওঁলোক সাৱধানে থাকিলে ভাল।
এই সাৱধানতা অৱলম্বন কৰক
২৭ এপ্ৰিলৰ পৰা ১১ মে পৰ্যন্ত কেইবাটাও বিষয়ত সতৰ্ক থকা ভাল। আপোনাৰ নাম যদি অ, আ, ই, উ, ল অথৱা ভ ৰে আৰম্ভ হয় তেন্তে এই সময়ত আপুনি জুই আৰু বিদ্যুতৰ পৰা দূৰত থাকক। ৰান্ধনীশালত কাম কৰোতে সাৱধান হওক। অলপমান অসাৱধানতা অৱলম্বন কৰিলেই বিপদ হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ