ধোনী সন্দৰ্ভত মেথিউ হেইডেনে ক’লে এনে কথা, ক্ৰিকেট জগতত হুলস্থুল
মহেন্দ্ৰ সিং ধোনী বৰ্তমানে ফৰ্মহীনতাত ভুগিছে। কোনো এখন খেলতে ভাল প্ৰদৰ্শন দেখুৱাব পৰা নাই খেলুৱৈগৰাকীয়ে। যাৰ বাবে বহুতৰে সমালোচনাৰ সন্মুখিন হৈছে খেলুৱৈগৰাকী। জাতীয় দলৰ পৰা অৱসৰৰ পাছত এতিয়া আই পি এলৰ পৰাও অৱসৰ লব লাগে বুলি বহুতে কৈছে।
তাৰে মাজতে আই পি এল ২০২৫ত চি এছ কে আৰু দিল্লী দলৰ মাজৰ খেলখনত কমেণ্ট্ৰী বক্সত মেথিউ হেইডেন উপস্থিত আছিল। চি এছ কেৰ প্ৰাক্তন খেলুৱৈ হেইডেনে এম এছ ধোনীৰ দুৰ্বল ফৰ্মৰ ওপৰত ভাষণ দি কয় যে ধোনিয়ে এই ছিজনত নিজৰ দলৰ হৈ মেচ খেলাত ব্যৰ্থ হৈছে। ২০১০ চনত চি এছ কেক আই পি এল জয়ৰ দিশত আগুৱাই নিয়া হেইডেনে নিজৰ অকপট মতামত ব্যক্ত কৰি কয় যে ধোনিৰ ক্ৰিকেট কেৰিয়াৰ এতিয়া শেষ হোৱাৰ ওচৰ চাপিছে।
এই মেচখনত ধোনীয়ে ২৬টা বলত অপৰাজিত ৩০ ৰান সংগ্ৰহ কৰে, য’ত মাত্ৰ এটা চাৰি আৰু এটা ছয় আছিল। হেইডেনে ধোনীৰ লেহেমীয়া বেটিংৰ বাবে তীব্ৰ সমালোচনা কৰি কয় যে ৰানৰ হাৰ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ সময়তো ধোনী আৰু বিজয় শংকৰে দ্রুত গ’ল দিব পৰা নাছিল৷ অষ্ট্ৰেলিয়াৰ কিংবদন্তি খেলুৱৈ হেইডেনে আৰু কয় যে এতিয়া ধোনীয়ে ক্ৰিকেট এৰি কমেণ্ট্ৰী বক্সলৈ আহি তেওঁৰ লগত বহিব লাগে।
কমেণ্ট্ৰীৰ সময়ত মেথিউ হেইডেনে কয় যে, “এই মেচৰ পিছত এম এছ ধোনীয়ে আমাৰ কমেণ্ট্ৰী বক্সলৈ অহা উচিত। এতিয়া ধোনীয়ে ক্ৰিকেটৰ যাঁদু হেৰুৱাইছে। ধোনীৰ বাবে ক্ৰিকেট কেৰিয়াৰ শেষ হৈছে। চি এছ কেৰ বাবে বহু দেৰি হোৱাৰ আগতেই ধোনীয়ে নিজেই এই কথা মানি ল’ব লাগে।”
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ