ভাৰতৰ তাৰকা পেছাৰ মহম্মদ ছামীৰ কন্যাই হোলি উদযাপন কৰাক লৈ আকৌ বিতৰ্কত নামিছে অল ইণ্ডিয়া মুছলিম জামাতৰ সভাপতি মৌলানা শ্বাহাবুদ্দিন ৰিজভী৷ মৌলানা ৰিজভীৰ দাবী, ছামীৰ কন্যাই যদি সকলো বুজিও হোলি খেলি থাকে তেন্তে এয়া শৰিয়ত বিৰোধী আৰু ইছলাম ধৰ্মৰ নিয়মৰ বিৰুদ্ধ৷ এক ভিডিঅ বাৰ্তাত ৰিজভীয়ে জনাইছে যে ছামীৰ কন্যা যদি সৰু থাকিলেহেতন, একো নুবুজা বয়সৰ হলহেতেন তেন্তে সেয়া অপৰাধ নহয়৷ কিন্তু যদি বুদ্ধিমান হোৱাৰ পাছতো সকলো জানি হোলি খেলে তেন্তে এয়া শৰিয়তৰ বিৰুদ্ধ৷
উল্লেখ্য যে ইয়াৰ পূৰ্বে ছামীৰ বিৰুদ্ধে সৰব হৈছে ৰিজভী৷ ডুবাইত চেম্পিয়ন্স ট্ৰফিত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছেমিফাইনেল মেচ খেলাৰ সময়ত পানী খোৱাৰ বাবে ছামীক সমালোচনা কৰিছিল তেওঁ৷ তেওঁৰ দাবী আছিল ৰমজান মাহৰ ৰোজা চলি থকাৰ সময়ত পানী পান কৰি অপৰাধ কৰিছে ছামীয়ে৷ পিতৃৰ পাছত এইবাৰ কন্যাৰ হোলি খেলাৰ বিষয়ক লৈ আকৌ বিতৰ্ক তৈয়াৰৰ চেষ্টা কৰিছে মৌলবী ৰিজবীয়ে৷
ৰিজভীয়ে কয়, ‘ছামী আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক মই আবেদন জনাইছো যে শৰিয়তৰ বাহিৰত গৈ কাম নকৰিব৷ সন্তানকো কৰিবলৈ নিদিব৷ হোলি হিন্দুসকলৰহে ডাঙৰ উৎসৱ, কিন্তু মুছলিমসকলে ইয়াক পালন নকৰে৷ ছামীৰ কন্যাই পালন কৰাটোও উচিত নহয়৷’ এই বিষয়ক লৈ অৱশ্যে এতিয়াও কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই ছামীৰ পৰিয়ালে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ