অসম লাইভ২৪ঃ কোনো বিবাহ অনুষ্ঠানত অনিমন্ত্ৰিত অতিথি হৈছেনে? পূৰ্বে এনে ভুল কৰিলেও এতিয়াৰে পৰা সাৱধান হওক। কিয়নো অনিমন্ত্ৰিত অতিথি হৈ মধ্যপ্ৰদেশৰ এজন যুৱকৰ তথৈবচ অৱস্থাৰ দৃশ্য এতিয়া দেশজুৰি ভাইৰেল। ঘটনাটো মধ্যপ্ৰদেশৰ ভোপালৰ। এখন বিয়াত নিমন্ত্ৰণ নাছিল যদিও খাদ্য গ্ৰহণৰ বাবে উপস্থিত হৈছিল এমবিএ পঢ়ি থকা এজন ছাত্ৰ। অনিমন্ত্ৰিত বুলি ধৰা পৰাৰ পিছতেই ছাত্ৰজনৰ বিৰুদ্ধে বিবাহ আয়োজকে ঘোষণা কৰিছে বিশেষ শাস্তি।
নিমন্ত্ৰণ নথকাকৈয়ে বিবাহ বাহৰত খাদ্য গ্ৰহণ কৰাৰ বাবে ছাত্ৰজনক শাস্তি হিচাপে ধুবলৈ দিয়া হৈছে প্লেট। ভাইৰেল ভিডিঅটোত থকা অনুসৰি একাংশলোকে বেৰি ধৰি যুৱকজনৰ বাচন ধোৱাৰ ভিডিঅ কৰিছে। তাৰ মাজতেই কেইজনমানে প্ৰশ্নও কৰিছে ছাত্ৰজনক। তেওঁলোকে ছাত্ৰজনক সুধিছে, ‘ফ্ৰিতে খাদ্য খাই কেনেকুৱা লাগিছে? কোনোবাই তোমাক ইয়ালৈ নিমন্ত্ৰণ জনাইছিল নেকি?’ সকলো প্ৰশ্নৰেই উত্তৰ ছাত্ৰজনে বাচন ধুই ধুই দি গৈছে। ইয়াৰ পাছতেই কেইজনমান যুৱকে কৈছে, ‘ফ্ৰিতে খাদ্য গ্ৰহণ কৰিলে এনেকুৱা শাস্তি হ’বই। আৰু বাচন আছে সকলোখিনি ধুই যাবা। ঘৰত কেতিয়াবা বাচন ধুই পাইছিলানে?’ ইত্যাদি ইত্যাদি।
উল্লেখ্য যে লজ্জাত মূৰ তল কৰি বাচন ধুই থকা ছাত্ৰজনে ভোপালৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয়ত এমবিএ কৰি আছে। বিবাহত অনিমন্ত্ৰিত অতিথি হৈ বাচন ধোৱা যুৱকজনে তেওঁৰ নাম সোধাত তেওঁৰ নাম সম্ৰাট কুমাৰ বুলি কোৱাও ভিডিঅটোত দেখা পোৱা গৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ