মধ্যপ্ৰদেশৰ ইন্দোৰৰ পৰা মেঘালয়ৰ শ্বিলঙৰ দূৰত্ব স্থলপথেৰে যাত্ৰা কৰিলে ২২০০০ কিঃমিঃ৷ ইমান দূৰলৈ আহি সদ্যবিবাহিত স্বামীক হত্যা কৰিলে সোনম ৰঘুবংশীয়ে৷ মেঘালয় হানিমুন মাৰ্ডাৰ কেছৰ এই তথ্য লাভ কৰিছে আৰক্ষীয়ে৷ পাহাৰীয়া এলেকালৈকে স্বামীক হত্যাৰ বাবে লৈ আহিছিল সোণমে৷ কিন্তু মেঘালয়লৈ যোৱাৰ পূৰ্বে কিয় কামাখ্যা মন্দিৰ দৰ্শন কৰিছিল সোনম আৰু ৰাজা ৰঘুবংশীয়ে? এই উত্তৰ বিচাৰিবলৈ গৈ চমকি উঠিছে আৰক্ষীও৷
সোণম আৰু ৰাজা কেতিয়া কামাখ্যা মন্দিৰলৈ গৈছিল?
বুধবাৰে আৰক্ষীয়ে জনাইছে যে ৰাজা ৰঘুবংশীৰ সৈতে বিয়া কৰালেও স্বামী স্ত্ৰীৰ সম্পৰ্ক স্থাপন কৰিব খোজা নাছিল সোণমে৷ ১১ মেত ইন্দোৰত ৰাজা আৰু সোণমৰ বিবাহ হৈছিল৷ তাৰপিছতেই হানিমুনৰ বাবে অসম হৈ মেঘালয়লৈ যায় ২০ মেত৷ ২৩ মেৰ পৰা তেওঁলোক দুয়ো নিখোঁজ হয়৷ ২ জুনত চেৰাপুঞ্জিৰ ৱাইছাউডাং জলপ্ৰপাতৰ কাষৰ এটা খাদৰ পৰা উদ্ধাৰ হয় ৰাজা ৰঘুবংশীৰ দেহ৷ তাৰকেইদিনমানৰ পাছতেই উত্তৰপ্ৰদেশৰ গাজিপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় সোণম ৰঘুবংশীক৷ তাৰপিছতেই এজন এজনকৈ আটাইকেইটা হত্যাকাৰীকে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ ইয়াৰ মাজতেই মেঘালয়লৈ যোৱাৰ পূৰ্বে অসমৰ কামাখ্যা মন্দিৰ দৰ্শন কৰে ৰাজা আৰু সোনমে৷
পি টি আইক তদন্তকাৰী দলৰ এগৰাকী অফিচাৰে জনাইছে যে সোণমৰ এয়া পূৰ্বপৰিকল্পিত আছিল৷ যিহেতু ৰাজ কুশৱাহাৰ সৈতে সম্পৰ্ক থাকিলেও ইচ্ছাৰ বিৰুদ্ধে ৰাজাক বিয়া কৰা লগা হৈছিল সোণমে৷ সেই কাৰণেই ৰাজাৰ সৈতে স্বামী-স্ত্ৰীৰ দৰে ঘনিষ্ঠ হব খোজা নাছিল সোণম৷ সোণমে ৰাজাক বুজাইছিল, দাম্পত্য সম্পৰ্ক বা শাৰীৰিক সম্পৰ্ক স্থাপনৰ পূৰ্বে কামাখ্যা মন্দিৰত পূজা দিব৷ সেই পৰিকল্পনা মতেই পূজা দি মেঘালয়লৈ গৈছিল দুয়ো৷ পিছে পিছে যাত্ৰা কৰিছিল ছুপাৰী কিলাৰে৷ ২২ মেত মেঘালয়ৰ নোংৰিঘাটত ৰাজাক হত্যাৰ বাবে ফান্দ পতা হয়৷ কিন্তু সেইদিনা হত্যাকাৰীকেইটা সফল নহল৷ তাৰপিছতেই ২৩ মেত ৱাইছাউডাং জলপ্ৰপাতৰ কাষতেই ৰাজাক হত্যা কৰা হয়৷
আৰক্ষীয়ে জনাইছে যে হত্যাৰ পাছতেই সোণমে টেক্সি লৈ শ্বিলঙৰ পৰা গুৱাহাটীলৈ আহে৷ তাৰপিছতেই আৰক্ষীৰ হাতৰ পৰা বাচিবলৈ একাধিক ট্ৰেইন সলনি কৰি ইন্দোৰত উপস্থিত হয়৷ ইয়াৰপাছতেই ৰাজৰ পৰামৰ্শতেই নিজকে লুকুৱাই ৰাখে৷ আৰক্ষীক ভুল পথেৰে চালিত কৰাৰ বাবে স্থলপথেৰে উত্তৰপ্ৰদেশলৈ যায়৷ তাৰপৰাই গাজিপুৰ হাইৱেৰ কাষত থকা এখন ধাবাৰ পৰা সোণমক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ