অসম লাইভ২৪ঃ ভাৰতৰ আগশাৰীৰ বায়টেক গৱেষণাগাৰৰ সমীক্ষাক লৈ চিন্তিত এতিয়া বহুজন৷ গৱেষণাগাৰে দাঙি ধৰা এটা সমীক্ষাত উল্লেখ থকা মতে বিশ্বৰ প্ৰায় ৬৫ শতাংশ পুৰুষে হেৰুৱাব যৌন ক্ষমতা৷ কেৰালাৰ ৰাজীৱ গান্ধী চেণ্টাৰ ফৰ বায়টেকনলজিৰ জেষ্ঠ গৱেষক প্ৰদীপ কুমাৰে ৫ জানুৱাৰীত নাগপুৰত অনুস্থিত ইণ্ডিয়ান চাইন্স কংগ্ৰেছত অংশ গ্ৰহণ কৰি এই মন্তব্য দাঙি ধৰিছে৷
ডা০ কুমাৰে ভাষণত কয় যে, অতি কম সময়ৰ ভিতৰত বিশ্বৰ ৬৫ শতাংশ ২৫ৰ পৰা ৫০ বছৰ বয়সৰ পুৰুষে যৌন ক্ষমতা হেৰুৱাৰ সম্ভাৱনা প্ৰৱল হৈ পৰিছে৷ ডা০ কুমাৰে কয় বিগত এট বছৰৰ ভিতৰত ১৫ শতাং যুৱকে যৌন ক্ষমতা হেৰুৱাইছে৷ এই যৌন ক্ষমতা হেৰুৱা সকলৰ মাজৰ ৮ ৰ পৰা ১০ শতাংশই ইতিমধ্যে এটা বা দুটা সন্তানৰ পিতৃত্ব লাভ কৰিছে৷
ভাৰতৰ প্ৰসংগ উল্লেখ কৰি চিকিৎসক গৱেষক গৰাকীয়ে কয়, ‘দুটা বছৰৰ আগলৈকে ভাৰতৰ ০.৫ শতাংশ মান যুৱকৰ এই সমস্যা আছিল৷ কিন্তু বিগত ডেৰ-দুই বছৰত এই সংখ্যা বৃদ্ধি পাইছে৷ ভাৰতৰ বাবে এইটো এটা ভয়াবহ সমস্যা হিচাপে গা কৰি উঠিছে৷’ হঠাৎ এই সমস্যাই কিয় ইমান ভয়াবহ ৰূপ লৈছে সেই সম্পৰ্কত উন্নত গৱেষণাৰ প্ৰয়োজন আছে বুলিও গৱেষক চিকিৎসকগৰাকীয়ে উল্লেখ কৰা পৰিলক্ষিত হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ