বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি গ্ৰহৰ ভিতৰত বুধক বুদ্ধি, বাকশক্তি, যুক্তি, ব্যৱসায়ৰ প্ৰতীক বুলি ধাৰণা কৰা হয়৷ আগন্তুক ২ জুন, মঙ্গলবাৰে পুৱা ৬বাজি ১৪ মিনিটত আদ্ৰা নক্ষত্ৰত প্ৰৱেশ কৰিব৷ ১১ জুন পৰ্যন্ত এই স্থানতেই অৱস্থান কৰিব৷ জ্যোতিষমতে এই সময় বিশেষ গুৰুত্বপূৰ্ণ৷ আদ্ৰা নক্ষত্ৰত অধিপতি ৰাহু৷ ফলত বুধৰ এই অৱস্থানে কিছু ৰাশিৰ জীৱনত ইতিবাচক পৰিবৰ্তন আনিব পাৰে৷
মিথুন ৰাশি
এই সময়ত মিথুন ৰাশিৰ জাতকৰ বাবে বুধৰ গোচৰ অত্যন্ত শুভ ফলদায়ক হ’ব পাৰে৷ ব্যক্তিত্ব আৰু কথাবাৰ্তাত আকৰ্ষণ বাঢ়িব, আত্মবিশ্বাস বৃদ্ধি পাব৷ যিকোনো কাম দক্ষতাৰ সৈতে সম্পন্ন কৰিব পাৰিব৷ ব্যৱসায়ীসকলৰ বাবে এই সময়ত বিশেষ অনুকূল হ’ব৷ বৃহৎ লাভৰ সম্ভাৱনা আছে৷ কেৰিয়াৰত উন্নতিৰ সুযোগ আহিব পাৰে৷
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকৰ বাবে এই গোচৰে আৰ্থিক উন্নতিৰ পথ খুলিব পাৰে৷ আয় বাঢ়িব পাৰে আৰু নতুন ব্যক্তিৰ সৈতে যোগাযোগ তৈয়াৰ হ’ব৷ যি ভৱিষ্যতে কামত লাগিব৷ কৰ্মক্ষেত্ৰত পৰিশ্ৰমৰ স্বীকৃতি পাব৷ পদোন্নতিৰ সম্ভাৱনা আছে৷ বিদেশত পঢ়াশুনা বা চাকৰিৰ ইচ্ছা থাকিলে, সেয়া পূৰণ হব পাৰে৷ সমাজত সন্মান বৃদ্ধি পাব পাৰে৷
কন্যা ৰাশি
কন্যা ৰাশিৰ জাতকৰ বাবে বুধৰ এই অৱস্থানে নতুন সুযোগৰ দুৱাৰ খুলি দিব পাৰে৷ চাকৰি পৰিবৰ্তনৰ বাবে ভাল সময়৷ কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পাব পাৰে৷ যিয়ে আপোনাৰ দক্ষতা প্ৰমাণৰ সুযোগ আনি দিব৷ দাম্পত্য জীৱনত ভালপোৱা আৰু মাধুৰ্য বাঢ়িব৷ আত্মবিশ্বাসৰ সৈতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে৷
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ বাবেও এই গোচৰে ইতিবাচক প্ৰভাৱ পেলাব৷ যিসকলে গৱেষণা বা সৃজনশীল কামত যুক্ত, তেওঁলোকৰ উন্নতিৰ সম্ভাৱনা আছে৷ পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব৷ যিয়ে মানসিক শান্তি দিব৷ হঠাৎ কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰিস্থিতি তৈয়াৰ হব পাৰে৷ সেয়ে সতৰ্ক থকাটো প্ৰয়োজন৷ সকলো কাম সুস্থভাৱে সামৰিব পাৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















