জ্যোতিষশাস্ত্ৰ অনুসৰি আগন্তুক মাহৰ ৮ জুনত সূৰ্যই মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব৷ এই নক্ষত্ৰৰ অধিপতি মঙ্গল৷ সূৰ্য আৰু মঙ্গল বৈদিক জ্যোতিষশাস্ত্ৰত বন্ধু গ্ৰহৰূপে পৰিচিত৷ সেয়ে এই গোচৰক অত্যন্ত প্রভাৱশালী আৰু শুভ হিচাপে ধৰা হৈছে৷ বিশেষকৈ ৫ৰাশিৰ জীৱনত এই ৰাজযোগে ইতিবাচক ফল দিব পাৰে৷
মেষ ৰাশি
মেষ ৰাশিৰ অধিপতি মঙ্গল হোৱাৰ বাবে সূৰ্যৰ এই নক্ষত্ৰ পৰিবৰ্তন এই ৰাশিৰ জাতকৰ বাবে বিশেষভাৱে শুভ হ’ব৷ কৰ্মক্ষেত্ৰত আপোনাৰ সাহস আৰু পৰিশ্ৰমৰ প্ৰশংসা পাব৷ ৰৈ থকা কাম সম্পন্ন হ’ব পাৰে৷ পৈতৃক সম্পত্তিৰ পৰা লাভৰ সম্ভাৱনা আছে৷ নতুন আয়ৰ উৎস তৈয়াৰ হ’ব পাৰে৷
বৃষ ৰাশি
সূৰ্যই এই ৰাশিৰ পৰা মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব, ফলত বৃষ ৰাশইৰ জাতক বিশেষভাৱে লাভৱান হ’ব৷ আপোনাৰ ব্যক্তিত্ব আৰু বাকশক্তিয়ে অন্যসকলক আকৰ্ষণ কৰিব৷ বিনিয়োগৰ বাবে খুবেই অনুকূল সময়৷ ব্যৱসায়ীয়ে বৃহৎ কোনো চুক্তিৰ পৰা হঠাৎ অৰ্থলাভ কৰিব পাৰে৷ সঞ্চিত অৰ্থবৃদ্ধি পাব আৰু নতুন কোনো মূল্যবান সামগ্ৰী বা বাহন কিনাৰ সম্ভাৱনা আছে৷
সিংহ ৰাশি
সিংহ ৰাশিৰ অধিপতি সূৰ্য নিজেই৷ সেয়ে এই গোচৰৰ ইতিবাচক প্ৰভাৱ আপোনাৰ ওপৰত পৰিব৷ সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ ৰাজনীতি বা প্ৰশাসনিক ক্ষেত্ৰত যুক্ত থাকিলে বৃহৎ সাফল্য পাব পাৰে৷ চাকৰিয়ালৰ ক্ষেত্ৰত দৰমহা বৃদ্ধি বা পদোন্নতিৰ সম্ভাৱনা আছে৷
কন্যা ৰাশি
মৃগশিৰা নক্ষত্ৰত সূৰ্যৰ প্ৰৱেশে কন্যা ৰাশিৰ জাতকৰ জীৱনত শুভ প্ৰভাৱ পেলাব৷ এই সময়ত ভাগ্যৰ পূৰ্ণ সহায়তা পাব৷ দীৰ্ঘ ভ্ৰমণ সুখকৰ আৰু লাভজনক হব পাৰে৷ ধৰ্মীয় কামত আগ্ৰহ বাঢ়িব আৰু মানসিক শান্তি পাব৷ বিদেশ সংক্ৰান্তিয় ব্যৱসায়ত বৃহৎ আৰ্থিক লাভৰ সম্ভাৱনা আছে৷
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ অধিপতিও মঙ্গল৷ সেয়ে সূৰ্যৰ এই গোচৰে আপোনাৰ উন্নতিৰ পথ খুলি দিব৷ শত্ৰুৰ ওপৰত জয় লাভ কৰিব আৰু পুৰণি অসুখৰ পৰা মুক্তি পাব পাৰে৷ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি লৈ থকাসকলে এই সময়ত ভাল ফল পাব৷ হঠাৎ অৰ্থপ্ৰাপ্তিৰ যোগ তৈয়াৰ কৰিব পাৰে৷ যিয়ে আপোনাৰ আৰ্থিক অৱস্থাক আৰু শক্তিশালী কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















