অসমলৈ বান ক্ষতিপূৰণ হিচাপে ৭১৬ কোটি টকাৰ ক্ষতিপূৰণ দিলে কেন্দ্ৰীয় চৰকাৰে৷ কেন্দ্ৰীয় স্বৰাষ্ট্ৰ মন্ত্ৰণালয়ৰ তৰফৰ পৰা জনোৱা অনুসৰি ৰাজ্যৰ বান পৰিস্থিতিৰ ক্ষয়ক্ষতি হোৱা স্থান পৰিদৰ্শনৰ বাবে কেন্দ্ৰই পঠিয়াব বিশেষ দল৷ দেশৰ মুঠ ১৪ খন ৰাজ্যলৈ কেন্দ্ৰই মুকলি কৰিছে ৫৮৫৮ কোটি টকা৷
এই ১৪ খন জিলাৰ ভিতৰত অসমলৈ ৭১৬ কোটি, অন্ধ্ৰপ্ৰদেশলৈ ১০৩৬ কোটি, মহাৰাষ্ট্ৰলৈ ১৪৯২ কোটি, বিহাৰক ৬৫৫.৬০ কোটি, গুজৰাটক ৬০০ কোটি, হিমাচল প্ৰদেশক ১৮৯.২০ কোটি, ছিকিমক ২৩.৬০ কোটি, তেলেংগানাক ৮১৬.৮০ কোটি, ত্ৰিপুৰাক ২৫ কোটি, পশ্চিমবংগক ৪৬৮ কোটি টকা দিছে কেন্দ্ৰই৷
কেন্দ্ৰৰ তৰফৰ পৰা জনোৱা হৈছে যে চলিৰ বছৰ বৰ্ষাকালত অতিবৃষ্টি, বান, ভূমিস্খলন আৰু ক্ষতিৰ মুখত পৰিছে এই ৰাজ্যসমূহ৷ ক্ষতিগ্ৰস্থ এই ৰাজ্যসমূহলৈ অনুদান ঘোষণা কৰা হৈছে কেন্দ্ৰৰ তৰফৰ পৰা৷ অসম, মিজোৰাম, কেৰালা, ত্ৰিপুৰা, নাগালেণ্ড, গুজৰাট, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, মণিপুৰত ক্ষয়ক্ষতি চাবৰ বাবে এটা বিশেষ দল পঠিয়াব কেন্দ্ৰই৷ সেই দলে দিয়া ৰিপৰ্ট চাই ৰাজ্যসমূহক অতিৰিক্ত সাহায্য দিয়া হ’ব৷ কেন্দ্ৰৰ তৰফৰ পৰা জনোৱা হৈছে যে চলিত বছৰ ২১খন ৰাজ্যক বিপৰ্যয়ৰ ক্ষতিপূৰণ হিচাপে মুঠ ১৪ হাজাৰ ৯৫৮ কোটি টকা দিয়া হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ