আমূলৰ পাছত এইবাৰ মাদাৰ ডেইৰীৰো গাখীৰৰ মূল্য বৃদ্ধি, লিটাৰে প্ৰতি ২ টকাকৈ বৃদ্ধি
দেশজুৰি বৃদ্ধি পাইছে গাখীৰৰ মূল্য । লিটাৰে প্ৰতি ২ টকাকৈ বৃ্দ্ধি পাইছে গাখীৰৰ মূল্য। প্ৰথমে আমূল কোম্পানীৰ ফালৰ পৰা সদৰি কৰা হৈছিল গাখীৰৰ মূল্য বৃদ্ধিৰ কথা। আমুলৰ পিছতে এইবাৰ মাদাৰ ডেইৰীয়েও গাখীৰৰ দাম বৃদ্ধি কৰিছে।
নিৰ্বাচনৰ ফলাফলৰ ঠিক এদিন পূৰ্বে সোমবাৰে দেশজুৰি প্ৰতি লিটাৰত ২ টকাকৈ বৃদ্ধি কৰা হৈছে গাখীৰৰ মূল্য। ইয়াৰ কাৰণ বিগত ১৫ মাহত খৰচ বৃদ্ধি হোৱা বুলি কোৱা হৈছে।
দিল্লী-ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ লগতে অন্যান্য বজাৰতো আজি ৩ জুন সোমবাৰৰ পৰা কাৰ্যকৰী হৈছে সকলো ধৰণৰ গাখীৰৰ মূল্যবৃদ্ধি। দেওবাৰে এই মূল্যবৃদ্ধিৰ কথা ঘোষণা কৰিছিল গাখীৰ উদ্যোগৰ অন্যতম আমুলে।
মাদাৰ ডেইৰীয়ে প্ৰকাশ কৰা বিবৃতিটোত কয় যে ২০২৪ চনৰ ৩ জুনৰ পৰা প্ৰতি লিটাৰত ২ টকাকৈ গাখীৰৰ মূল্য বৃদ্ধি কৰিছে। ইয়াত কোৱা হৈছে যে গ্ৰাহকৰ মূল্য বৃদ্ধিৰ মূলতে উৎপাদকসকলক বৃদ্ধি পোৱা উৎপাদন ব্যয়ৰ ক্ষতিপূৰণ দিয়া হৈছে, যিটো এবছৰতকৈও অধিক সময় ধৰি বৃদ্ধি পাই আহিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















