অসম লাইভ ২৪ঃ এটা যুগৰ অৱসান। অৱশেষত মৃত্যুৰে যুঁজি হাৰ মানিলে ‘ফ্লায়িং শিখ’ মিলখা সিঙে। শুকুৰবাৰে নিশা মৃত্যু হয় মিলখা সিঙৰ। সমগ্ৰ দেশবাসীয়ে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে কিংবদন্তী খেলুৱৈগৰাকীক। ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰত এটি ফৰিং ফুটা জোনাক আছিল মিলখা সিং। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ‘colossal sportsperson’ হিচাপে আখ্যা দিয়ে খেলুৱৈগৰাকীক। কিছুদিন পূৰ্বে কৰোনাত আক্ৰান্ত হোৱাৰ পাছত শুকুৰবাৰে ৯১ বছৰ বয়সত মৃত্যুক আকোঁৱালি লয় মিলখা সিঙে। টুইটযোগে প্ৰধানমন্ত্ৰীগৰকীয়ে কয়, ‘মিলখা সিঙৰ মৃত্যুত আমি এগৰাকী অসামান্য ক্ৰীড়াবিদক হেৰুৱালো, যি জাতিৰ কল্পনাশক্তিক প্ৰভূত কৰিছিল আৰু দেশবাসীৰ হৃদয়ত বিশেষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল’।
In the passing away of Shri Milkha Singh Ji, we have lost a colossal sportsperson, who captured the nation’s imagination and had a special place in the hearts of countless Indians. His inspiring personality endeared himself to millions. Anguished by his passing away. pic.twitter.com/h99RNbXI28
— Narendra Modi (@narendramodi) June 18, 2021
ধিং এক্সপ্ৰেছ হিমা দাস, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও টুইটযোগে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে খেলুৱৈগৰাকীক। মিলখা সিঙৰ মৃত্যুত শোকস্তব্ধ অনুৰাগী, শোকাকুল ভাৰতৰ ক্ৰীড়াজগত।
উল্লেখ্য, শনিবাৰে চণ্ডীগড়ত শেষকৃত্য সম্পন্ন কৰা হ’ব মিলখা সিঙৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ