আজিৰ ডিজিটেল যুগত স্মাৰ্টফোন আমাৰ জীৱনৰ এক অপৰিহাৰ্য অংশ হৈ পৰিছে। বহুতে শুই উঠাৰ পৰা শুবলৈ যোৱালৈকে মোবাইল হাতৰ পৰা এৰি নিদিয়ে। আনকি বাথৰুমলৈও মোবাইল লৈ যোৱাৰ অভ্যাস বহু লোকৰ মাজত দেখা যায়। কিন্তু এই অভ্যাস কিমান সুৰক্ষিত আৰু স্বাস্থ্যকৰ? এই বিষয়ে সচেতন হোৱা অতি প্ৰয়োজন।
স্বাস্থ্যৰ ওপৰত প্ৰভাৱ
বাথৰুমত বহু ধৰণৰ বেক্টেৰিয়া আৰু ভাইৰাছ থাকিব পাৰে। মোবাইল ফোন বিভিন্ন পৃষ্ঠৰ সংস্পৰ্শলৈ অহাৰ ফলত তাত জীৱাণু জমা হয়। যদি সেই মোবাইল পিছত মুখ, হাত বা খাদ্যৰ সংস্পৰ্শলৈ আহে, তেন্তে সংক্ৰমণৰ আশংকা বৃদ্ধি পাব পাৰে।
আপোনাৰ ফোনটো বাথৰুমলৈ লৈ যোৱাটো কিমান ক্ষতিকাৰক? অধ্যয়নত কোৱা হৈছে,
- ৫৭% প্ৰাপ্তবয়স্কই নিজৰ ফোন বাথৰুমলৈ লৈ যায়।
- ফ্লাছ কৰিলে লাখ লাখ বেক্টেৰিয়া আৰু লেতেৰা পানীৰ টোপাল পৰে।
- মাত্ৰ ৮ ছেকেণ্ডতে ৫ ফুট দূৰলৈকে লেতেৰা উৰি যায়।
- ই.কোলি বা ছালমোনেলাৰ দৰে ছুপাৰবাগে খাদ্যক দূষিত কৰে।
- সেয়ে খাদ্য খালে গেষ্ট্ৰিক সমস্যা আৰু বদহজমৰ সম্ভাৱনা বৃদ্ধি পায়।
- মাত্ৰ ৮% লোকেহে বাথৰুমৰ পৰা উভতি অহাৰ পিছত নিজৰ ফোনটো চাফা কৰে।
ব্ৰিটেইন আৰু অষ্ট্ৰেলিয়াৰ গৱেষকসকলে কয় যে ফ্লাছ কৰাৰ পিছত বেক্টেৰিয়া সৰু সৰু টুকুৰা হৈ গোটেই হাত, মজিয়া আৰু বাথৰুমত বিয়পি পৰে। প্ৰথম অৱস্থাত পানীৰে হাত ধুলে দূষিত পদাৰ্থবোৰ নাইকিয়া নহয়। সেইবাবেই ডাক্তৰে বাথৰুমলৈ যোৱাৰ পিছত চাবোনেৰে হাত ধোৱাৰ পৰামৰ্শ দিয়ে। কিন্তু চাবোনেৰে হাত বা মজিয়া ধোৱাৰ পিছতো বাথৰুমৰ পৰা ওলাই অহাৰ পিছত মাত্ৰ ৮% প্ৰাপ্তবয়স্কইহে মোবাইল মচি পেলায়। এনে ক্ষেত্ৰত গৱেষকসকলে মোবাইল ফোনটো মচিবলৈ এন্টি ফাংগাল আৰু এন্টি বেক্টেৰিয়েল টিছু ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে। কাৰণ, ই কলাই বা ছালমোনেলাৰ দৰে বেক্টেৰিয়াই পেটৰ আটাইতকৈ বেছি ক্ষতি কৰিব পাৰে। মোবাইলৰ জৰিয়তে ঘৰত প্ৰৱেশ কৰা ক্ষতিকাৰক বেক্টেৰিয়া খাদ্যৰ লগত মিহলি হৈ পৰে। সেই খাদ্য খালে সকলো ধৰণৰ গুৰুতৰ ৰোগ হ’ব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ














