• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭মে’ত যুদ্ধৰ ছাইৰেণ শুনি আতংকিত নহ’ব, সঁচাকৈ এই ছাইৰেণ বাজিলে জনসাধাৰণে কি কৰা উচিত? ক’ত কেনেকৈ ইনষ্টল কৰা থাকে এই ছাইৰেণ?

৭মে’ত যুদ্ধৰ ছাইৰেণ শুনি আতংকিত নহ’ব, সঁচাকৈ এই ছাইৰেণ বাজিলে জনসাধাৰণে কি কৰা উচিত? ক’ত কেনেকৈ ইনষ্টল কৰা থাকে এই ছাইৰেণ?

11 months ago
বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

7 hours ago
লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

8 hours ago
দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

8 hours ago
HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ  Personal Loanত কিমান টকা EMI দিব লাগিব?

HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ Personal Loanত কিমান টকা EMI দিব লাগিব?

8 hours ago
অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

9 hours ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

10 hours ago
বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

10 hours ago
‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

11 hours ago
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

12 hours ago
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

13 hours ago
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

13 hours ago
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৭মে’ত যুদ্ধৰ ছাইৰেণ শুনি আতংকিত নহ’ব, সঁচাকৈ এই ছাইৰেণ বাজিলে জনসাধাৰণে কি কৰা উচিত? ক’ত কেনেকৈ ইনষ্টল কৰা থাকে এই ছাইৰেণ?

৭মে’ত যুদ্ধৰ ছাইৰেণ শুনি আতংকিত নহ’ব, সঁচাকৈ এই ছাইৰেণ বাজিলে জনসাধাৰণে কি কৰা উচিত? ক’ত কেনেকৈ ইনষ্টল কৰা থাকে এই ছাইৰেণ?

editor by editor
May 6, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
৭মে’ত যুদ্ধৰ ছাইৰেণ শুনি আতংকিত নহ’ব, সঁচাকৈ এই ছাইৰেণ বাজিলে জনসাধাৰণে কি কৰা উচিত? ক’ত কেনেকৈ ইনষ্টল কৰা থাকে এই ছাইৰেণ?
0
SHARES
7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
২২ এপ্ৰিল ২০২৫ তাৰিখে জম্মু আৰু কাশ্মীৰৰ পহেলগামত সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুৱাইছে কেইবাগৰাকীও নিৰীহ পৰ্যটকে৷ তাৰপিছৰে পৰাই দেশজুৰি পাকিস্তানৰ বিৰুদ্ধে ভাৰতে যুদ্ধ ঘোষণা কৰিব লাগে দাবী উত্থাপন হৈ আহিছে৷ কাৰণ পূৰ্বেও বহুবাৰ পাকিস্তানৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদী গোটে কাশ্মীৰৰ পুলবামা, উৰি আদিত আক্ৰমণ চলাই আহিছে৷ ঘটনাৰ দায়িত্ব পাকিস্তানী সন্ত্ৰাসবাদী গোটে পূৰ্বেও স্বীকাৰ কৰিছে৷ এনে পৰিস্থিতি সৃষ্টি কৰি অহা পাকিস্তানক সেয়ে এসেকা দিব লাগে বুলি বহুজনেই দাবী কৰিছে কেন্দ্ৰীয় চৰকাৰক৷
শেহতীয়া পহেলগাম আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি লৈছে পাক সন্ত্ৰাসবাদী গোটে৷ এই আক্ৰমণৰ পাছৰে পৰাই সক্ৰিয় হৈ উঠিছে পাকিস্তানৰ সেনাও৷ আফগানিস্তান সীমান্তৰ পৰা সেনা আনি পাকিস্তানে মোতায়েন কৰিছে ভাৰত পাক বৰ্ডাৰত৷ পাক সেনাসকলৰ ছুটি  বাতিল কৰাকে ধৰি বিভিন্নধৰণে যুদ্ধৰ অনুশীলনো চলাইছে পাকিস্তানে৷
ভাৰতেও যুদ্ধকালীন পৰিস্থিতিৰ বাবে নিজকে সাজু কৰিছে৷ কেন্দ্ৰীয় চৰকাৰৰ কেইবালানি বৈঠকৰ পাছতেই অনিৰ্দিষ্টকাললৈ ভাৰতে স্থগিত ৰাখিছে সিন্ধু জল চুক্তি৷ আটাৰি, ৱাঘা সীমান্তও বন্ধ কৰি দিয়া হৈছে৷ ভাৰতৰ আকাশ পথত পাক বিমানৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ জলপথতো পাকিস্তানৰ কোনো জাহাজ প্ৰৱেশ কৰিব নোৱাৰিব বুলি স্পষ্টকৈ জনাই দিছে ভাৰতে৷ ইয়াৰমাজতেই গৃহমন্ত্ৰণালয়ৰ তৰফৰ পৰা ৫ মে তাৰিখে দিয়া হৈছে বিশেষ বিজ্ঞাপ্তি৷
৭ মে ২০২৫ৰ দিনটো ভাৰতবাসীয়ে মনত ৰাখক৷ কাৰণ ৭ তাৰিখে যিকোনো সময়তেই দেশৰ ৰাজ্যই ৰাজ্যই বাজি উঠিব ৱাৰ ছাইৰেন৷ স্বাভাৱিকতে এই পৰিস্থিতিয়ে আতংকৰ পৰিবেশ তৈয়াৰ কৰিছে দেশজুৰি৷ বহুতৰে মনলৈ আহিছে এটাই কথা, যুদ্ধ খাটাং৷ ছাইৰেন বাজিলে হঠাৎ সাধাৰণ মানুহ শংকিত হ’ব বুলি পূৰ্বেই এই খবৰ জনাই দিছে গৃহমন্ত্ৰণালয়ে৷ এই ছাইৰেণ শুনি কোনেও যাতে ভয় নকৰে বা আতংকিত হৈ নপৰে তাৰবাবে সজাগ হৈ থাকিবলৈ সকলোকে আহ্বানো জনাইছে গৃহমন্ত্ৰণালয়ৰ তৰফৰ পৰা৷
সাধাৰণ লোকে সকলো সময়তে মনত ৰাখিব যে এয়া কোনো জৰুৰী পৰিস্থিতি নহয়, বৰং এক মকড্ৰিল, অৰ্থাৎ যুদ্ধৰ দৰে পৰিস্থিতিৰ বাবে এয়া এক অনুশীলন৷ ৱাৰ ছাইৰেন যুদ্ধৰ সময়ত এটা কাৰণতেই বজোৱা হয় যাতে মানুহে যুদ্ধ বা বিমান আক্ৰমণৰ দৰে পৰিস্থিতিত সাৱধান হ’বৰ পাৰে৷ ১৯৭১ চনৰ যুদ্ধৰ পাছত এয়াই প্ৰথমবাৰ ভাৰত চৰকাৰে এনে এক মক ড্ৰিলৰ নিৰ্দেশ দিছে৷ এই পৰিস্থিতিত সকলোৱে জানি থোৱা প্ৰয়োজন যে এই ছাইৰেণ আচলতে কি? এই ছাইৰেণ ক’ত লগোৱা হয়? এই ছাইৰেণ শুনিবলৈ কেনেকুৱা? কিমানদূৰ পৰ্যন্ত শুনা যায় ইয়াৰ শব্দ? আৰু যেতিয়া এই ছাইৰেণ বাজে তেতিয়া নাগৰিকে কি কৰা উচিত?

ৱাৰ ছাইৰেন ক’ত ইনষ্টল কৰা থাকে?

এই ছাইৰেণসমূহ সাধাৰণতে প্ৰশাসনিক ভৱন, আৰক্ষী সদৰ দপ্তৰ, ফায়াৰ ষ্টেচন, সামৰিক ঘাটি আৰু চহৰৰ জনবসতি থকা এলেকাৰ কোনো ওখ স্থানত ইনষ্টল কৰা হয়৷ উদ্দেশ্য এটাই যে ছাইৰেনৰ শব্দ বেছি দূৰলৈকে যাতে শুনা যায়৷ বিশেষকৈ দিল্লী নয়ডাৰ দৰে ডাঙৰ চহৰসমূহত সংবেদশীল এলেকাসমূহত এই ছাইৰেণ স্থাপন কৰা হয়৷ দেশৰ প্ৰতিখন চহৰত ইনষ্টল কৰা হ’ব পাৰে৷

যুদ্ধৰ ছাইৰেন শুনিবলৈ কেনে হয়?

ৱাৰ ছাইৰেণ প্ৰতৃততে এক সতৰ্কীকৰণ ব্যৱস্থা৷ এয়া যুদ্ধ, বিমান আক্ৰমণ বা দুৰ্যোগৰ দৰে জৰুৰী পৰিস্থিতি সম্পৰ্কে তথ্য দিয়ে৷ এই ছাইৰেণৰ শব্দত কম্পন থাকে, যি এটা সাধাৰণ হৰ্ণ বা এম্বুলেন্সৰ শব্দতকৈ কিছু পৃথক হয়৷

এই শব্দ লগোৱা স্থানৰ পৰা কিমান দূৰ পৰ্যন্ত যাব পাৰে

যুদ্ধৰ ছাইৰেণৰ শব্দ অত্যন্ত শক্তিশালী হয়৷ সাধাৰণতে এয়া ২-৫ কিঃমিঃ দূৰলৈকে শুনা যায়৷ শব্দৰ মাজত এটা চক্ৰাকাৰ ধৰণো আছে৷ অৰ্থাৎ ই ধীৰে ধীৰে বৃদ্ধি পায় আৰু তাৰপাছতেই হ্ৰায় পায় আৰু ক্ৰমে কেইবামিনিট ধৰি চলি থাকে৷ সাধাৰণতে এম্বুলেন্সৰ ছাইৰেণে ১১০-১২০ ডেচিবেল শব্দ কৰে আৰু যুদ্ধৰ ছাইৰেণে ১২০-১৪০ ডেচিবেল শব্দ দিয়ে৷

ছাইৰেণ বাজিলে কি কৰা উচিত?

ছাইৰেণ বজোৱাৰ অৰ্থ হৈছে নাগৰিকে অবিলম্বে নিৰাপদ স্থানলৈ লৈ যোৱা৷ কিন্তু মকড্ৰিলৰ সময়ত আতংকিত হোৱাৰ প্ৰয়োজন নাই৷ খোলা স্থানৰ পৰা দূৰৈত অৱস্থান কৰিব লাগে৷ নিজৰ ঘৰ বা নিৰাপদ কোনো ঘৰৰ ভিতৰত সোমাই যাব লাগে৷ টিভি, ৰেডিঅ’ আৰু চৰকাৰী সতৰ্কবাৰ্তাৰ প্ৰতি মনোযোগ দিব লাগে৷ গুজৱ এৰাই চলি প্ৰশাসনে দিয়া নিৰ্দেশনাৱলী অনুসৰণ কৰিব লাগে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?
জীৱনশৈলী

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

April 14, 2026
লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা
জীৱনশৈলী

লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

April 14, 2026
দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?
জীৱনশৈলী

দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

April 14, 2026
HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ  Personal Loanত কিমান টকা EMI দিব লাগিব?
জীৱনশৈলী

HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ Personal Loanত কিমান টকা EMI দিব লাগিব?

April 14, 2026
Next Post
মেট গালাৰ দলিচাত খোজ দিলে দুগৰাকী অন্তঃসত্ত্বাই, ভাইৰেল কিয়াৰা আৰু ৰিহানাৰ মেট গালাৰ বেবী বাম্প দেখুওৱাৰ ফটো

মেট গালাৰ দলিচাত খোজ দিলে দুগৰাকী অন্তঃসত্ত্বাই, ভাইৰেল কিয়াৰা আৰু ৰিহানাৰ মেট গালাৰ বেবী বাম্প দেখুওৱাৰ ফটো

১৮মাহৰ পিছত ঘৰ সলনি কৰিছে কেতুৱে, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

১৮মাহৰ পিছত ঘৰ সলনি কৰিছে কেতুৱে, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.