অসম লাইভ ২৪ঃ হোৱাইট হাউচত আজি ৰাষ্ট্ৰপতি জ’ বাইডেনক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ কোভিড-১৯ মহামাৰীৰ পাছত প্ৰথমটো বিদেশ ভ্ৰমণ মোদীৰ৷ ভাৰত- আমেৰিকাৰ মাজৰ দ্বিপাক্ষিক বৈঠকত দুয়োখন দেশৰ মাজৰ কূটনৈতিক, অৰ্থনৈতিক সম্পৰ্কৰ বিষয়ত আলোচনা কৰিব৷ আজি বিশেষকৈ আফগানিস্তান, তালিবান আৰু চীনৰ বিস্তাৰিত নীতি সন্দৰ্ভতো আলোচনা কৰিব দুয়োগৰাকী মুৰব্বীয়ে৷ আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছকো সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ এই ভ্ৰমণকালত অষ্ট্ৰেলিয়া আৰু জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতেও আলোচনাত মিলিত হব মোদী৷ বৃহস্পতিবাৰৰ দিনটোত ৮খন ভিন্ন বৈঠকত মিলিত হ’ব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী৷ মূলতঃ ৰাষ্ট্ৰসংঘৰ বাৰ্ষিক মহাসভাক সম্বোধন কৰিব নৰেন্দ্ৰ মোদীয়ে আৰু স্কোৱাড লীডাৰৰ সন্মিলনত অংশ ল’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















