ছানিয়া মিৰ্জা আৰু মহম্মদ ছামীৰ প্ৰেমৰ গুজৱ দেশজুৰি চৰ্চাৰ বিষয়৷ সঁচাকৈয়ে ছানিয়াৰ স্বামী হ’ব নেকি মহম্মদ ছামী? সামাজিক মাধ্যমত চলিছে তাৰেই জল্পনা৷ ছানিয়া মিৰ্জা আৰু মহম্মদ ছামীক সামৰি একাংশ মিমো শ্বেয়াৰ হৈছে৷ সেই জল্পনাৰ কথা শুনি এইবাৰ জ্বলি উঠিছে মহম্মদ ছামী৷ ভাৰতীয় পেছাৰ বলাৰগৰাকীয়ে নেটিজেনৰ ওপৰত খং কৰি লিখিছে, ‘কাৰোবাৰ ব্যক্তিগত জীৱনক লৈ ভুৱা খবৰ প্ৰচাৰ কৰাৰ আগত এবাৰ ভাৱি চাওক৷’
এক সাক্ষাৎকাৰত ছামীয়ে কয়, ‘এয়া আচৰিত কথা৷ সকলো জোৰ জবৰদস্তি কৰিছে৷ কি যে কৰা যাব? ফোন খুলিলে নিজৰ ছবি নিজেই দেখো৷ মই এটা কথাই কম কাৰো সৈতে এনেকুৱা কৰা উচিত নহয়৷’ ছামীয়ে লগতে বক্তব্যত কয়, ‘মই জানো ধেমালীৰ বাবেই মিমবোৰ বনোৱা হয়৷ কিন্তু সেয়া যদি কাৰোবাৰ জীৱন সম্পৰ্কীয় হয় তেনে সেয়া এনেকৈ চলোৱাটো উচিত নহয়৷ আপোনালোকে কেনেকৈ এই তথ্য পাইছে৷ আমিতো এনে কোনো কথা কতোৱেই কোৱা নাই৷’
উল্লেখ্য যে চলিত বছৰৰ আৰম্ভণিতেই ছোৱেইব মালিকৰ সৈতে বিচ্ছেদ হৈছে ছানিয়া মিৰ্জাৰ৷ তাৰপাছতেই পাক ক্ৰিকেটাৰ ছোৱেইবে তৃতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধও হৈছে৷ ইফালে ছানিয়াৰ ছবিও ছামীৰ লগত এডিট কৰি লগাই একাংশ দুষ্টচক্ৰই ভাইৰেল কৰিছে৷ বিবাহবিচ্ছেদিত দুই খেলুৱৈ একলগ হ’ব বুলি শ্বেয়াৰো কৰিছে৷ কিন্তু ছানীয়াৰ পিতৃয়ে এই খবৰ মিছা বুলি পূৰ্বেই প্ৰকাশো কৰিছে৷ পিতৃয়ে কৈছিল যে ছানীয়া আৰু ছামীৰ কাহানিও সাক্ষাতো হোৱা নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ