প্ৰথমে ভাইৰেল চিডি, এতিয়া কেলেংকাৰী, স্বামী গোবিন্দানন্দ সৰস্বতীৰ বিৰুদ্ধে অভিযোগৰ পাছতে স্তম্ভিত সন্ত সমাজ
যৌন চিডি কেলেংকাৰীৰ পিছত এইবাৰ এগৰাকী মহিলাক নিৰ্যাতনৰ গোচৰত অভিযুক্ত হৈ পৰিছে স্বামী গোবিন্দানন্দ সৰস্বতী। এগৰাকী মহিলাই স্বামীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি আৰক্ষীক এজাহাৰ দাখিল কৰিছে। আৰক্ষীৰ সূত্ৰ অনুসৰি এই বিষয়ৰ তদন্তও আৰম্ভ হৈছে।
ইয়াৰ পূৰ্বে যৌন চিডি কেলেংকাৰীৰ বাবে স্বামীয়ে বিতৰ্কৰ সৃষ্টি কৰিছিল। এতিয়া তেওঁৰ বিৰুদ্ধে উত্থাপিত নিৰ্যাতনৰ অভিযোগত স্তম্ভিত হৈ পৰিছে সমগ্ৰ সন্ত সমাজ।
সংবাদ মাধ্যমৰ খবৰ অনুসৰি স্বামীৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে তেওঁৰে এগৰাকী সেবীকাই। তদুপৰি আৰক্ষীয়ে এই গোচৰত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগো উত্থাপন হৈছে।
বিষয়টো পোহৰলৈ অহাৰ পিছতে শিষ্য মণ্ডলৰ ৰাষ্ট্ৰীয় সভাপতি ডাঃ আশুতোষ ব্ৰহ্মচাৰীয়ে ভুক্তভোগীৰ সমৰ্থনত আহিছে। স্বামী গোবিন্দনন্দ সৰস্বতীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ আৰক্ষীক দাবী জনাইছে। বিষয়টো আৰক্ষী অধীক্ষক পোৱাৰ লগে লগে তদন্ত অব্যাহত আছে।
সাধ্বীয়ে স্বামীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰি মধ্য প্ৰদেশৰ নৰসিংহপুৰৰ আৰক্ষী অধীক্ষকক দিয়া এজাহাৰত সাধ্বীয়ে কয় যে তেওঁ প্ৰথমবাৰৰ বাবে স্বামীক শ্ৰীধামত লগ পাইছিল। সেই সময়ত স্বামীয়ে মহিলাগৰাকীক নিজৰ দাসী বনাবলৈ প্ৰস্তাৱ দিছিল, স্বামীৰ সেই প্ৰস্তাৱ সৌভাগ্য বুলি গ্ৰহন কৰিছিল মহিলাগৰাকীয়ে। তেতিয়াৰ পৰাই মহিলাগৰাকী আশ্ৰমত স্বামীৰ দাসী হিচাপে সেৱা কৰি আছিল।
এদিন সন্ধিয়া স্বামী গোবিন্দানন্দে চাহ বনাবলৈ নিৰ্দেশ দি মহিলাগৰাকীৰ পিছে পিছে নিজেও গৈ পাকঘৰত উপস্থিত হয়। মহিলাগৰাকীয়ে অভিযোগ কৰে যে প্ৰথমে দুয়ো একেলগে থিয় হৈ কথা পাতিবলৈ আৰম্ভ কৰে, তাৰ পিছত স্বামীয়ে মহিলাগৰাকীক হাতত ধৰি নিজৰ ফালে টানি পিছফালৰ পৰা ধৰি লয়। কোনোমতে মহিলাগৰাকীয়ে নিজকে সেই কবলৰ পৰা মুক্ত কৰি ওলাই যায়। পিছত পৰিয়ালৰ লোকৰ লগত কথা পাতি স্বামীৰ বিৰুদ্ধে আৰক্ষীত এজাহাৰ দাখিল কৰে। অভিযোগৰ পাছতে তদন্তৰ নিৰ্দেশ দিছে গোটেগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষকে।
স্বামী গোবিন্দনন্দ সৰস্বতী কোন?
স্বামী বিষ্ণুদেৱানন্দৰ শিষ্য স্বামী গোবিন্দানন্দ সৰস্বতী জ্যোতিৰ্মাথ ট্ৰাষ্টৰ মুৰব্বী। জ্যোতিষ পীঠৰ শংকৰাচাৰ্য স্বামী অবিমুখেশ্বৰানন্দৰ বিৰুদ্ধে বিবৃতি দি তেওঁ লাইমলাইটলৈ আহিছিল। তেওঁৰ বিৰুদ্ধে এখন চেক্স চিডিও ওলাইছিল, যাৰ সন্দৰ্ভত উত্তৰ প্ৰদেশৰ পূৰ্বৰ চৰকাৰৰ সময়ত যথেষ্ট হুলস্থুলৰ সৃষ্টি হৈছিল। প্ৰায় ৩০ বছৰ ধৰি যোগ আৰু বেদান্ত দৰ্শন শিকোৱাৰ অভিজ্ঞতা আছে স্বামীৰ।
১৯৮৭ চনত তেওঁ সাংসাৰিক জীৱনৰ পৰা অব্যাহতি লৈ কেৰালাৰ শিৱানন্দ আশ্ৰমত আশ্ৰয় লৈ সাধু হোৱাৰ পথ আৰম্ভ কৰে। আন্তঃৰাষ্ট্ৰীয় শিৱানন্দ যোগ বেদান্ত কেন্দ্ৰ সংস্থাৰ পৰা যোগ শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ মাদুৰাইত শিৱানন্দ যোগ বেদান্ত মীনাক্ষী আশ্ৰম মুকলি কৰিছিল। ২০০৩ চনৰ পৰা ২০১০ চনলৈ তেওঁ তাত কাম কৰিছিল। ২০১০ চনৰ এপ্ৰিল মাহত তেওঁ দক্ষিণ ভাৰতত আশ্ৰম শিৱানন্দ যোগ বিদ্যা পীঠম প্ৰতিষ্ঠা কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ