নিয়মিত বিনিয়োগ কৰিলে দীৰ্ঘম্যাদত মোটা অংকৰ ৰিটাৰ্ণ আপুনিও লাভ কৰিব পাৰে৷ এই দাবী কৰে বিনিয়োগ বিশেষজ্ঞই৷ বৰ্তমান বজাৰত বহু ধৰণৰ বিনিয়োগ বিকল্প আছে৷ অৱশ্যে বহু বিনিয়োগ বজাৰৰ উঠানমাৰ সৈতে সম্পৰ্কিত৷ কিন্তু চৰকাৰী স্কিম, বণ্ড, বেংক ডিপোজিট স্কিমৰ দৰেও স্কিম আছে য’ত আপুনি সুদে মূলে ধন ঘূৰাই পোৱাৰ গেৰাণ্টি থাকে৷ ইয়াত বজাৰৰ উঠানমা আদি কথাৰ কোনো লেনদেন নাই৷
বেংক ডিপোজিট স্কিমৰ কথা আহিলেও প্ৰায়সকল ব্যক্তিৰ মনত আছে ফিক্সড ডিপজিটৰ কথাই৷ বৰ্তমান বেংকসমূহেও ফিক্সড ডিপোজিটত ভাল হাৰত সুদ অফাৰ কৰিছে৷ যদি ছিনিয়ৰ চিটিজেনৰ কথা ধৰা হয় তেন্তে এই ক্ষেত্ৰত সুদৰ হাৰ সাধাৰণ নাগৰিকৰ তুলনাত বেছি হয়৷ কোনোৱে বিচাৰিলে পৰিয়ালৰ প্ৰবীণ সদস্যৰ নামত ফিক্সড ডিপোজিট কৰিব পাৰে৷
বিভিন্ন বেংকৰ ফিক্সড ডিপজিটৰ সুদৰ হাৰ ভিন্ন৷ প’ষ্ট অফিচতো ফিক্সড ডিপোজিট কৰিব পাৰি৷ প’ষ্ট অফিচৰ এই স্কিমত পোৱা যাব পাৰে ধামাকা ৰিটাৰ্ণ৷ প’ষ্ট অফিচৰ FD স্কিমত ৬০ মাহতেই পোৱা যাব পাৰে ১৩ লাখ টকা৷ প’ষ্ট অফিচৰ FD স্কিমত এটা গেৰাণ্টিযুক্ত সুৰক্ষিত ৰিটাৰ্ণ দিয়া হয়৷ প’ষ্ট অফিচৰ FD স্কিমত সুদৰ হাৰ ১ৰ পৰা ৫ বছৰৰ বাবে ভিন্ন ভিন্ন৷ প’ষ্ট অফিচৰ FD স্কিমত ৫ বছৰৰ বাবে বিনিয়োগ কৰিলে প্ৰতি বছৰে আপোনাক সুদ দিব ৭.৫শতাংশ৷ এয়া সকলোতকৈ বেছি সুদ৷ প’ষ্ট অফিচৰ FD স্কিমত ৫ বছৰৰ বাবে ৯লাখ টকা বিনিয়োগ কৰিলে মেচিউৰিটিৰ সময়ত ১৩,০৪,৯৫৩ টকা আপুনি ৰিটাৰ্ণ পাব৷ এইক্ষেত্ৰত আপুনি কেৱল সুদ হিচাপেই পাব মুঠ ৪,০৪,৯৫৩ টকা৷
প’ষ্ট অফিচৰ এফ ডি স্কিমত ৩ মাহৰ চক্ৰবৃদ্ধিৰ সুবিধাৰ বাবে সুদ বেছি হাৰত পোৱা যায়৷ পোষ্ট অফিচৰ এফ ডি স্কিম ধাৰা ৮০ চি অনুসৰি আপুনি কৰৰ পৰা ৰেহাইয়ো পাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















