প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশ্বাস দিছিল, ছুইচ বেংকত থকা ক’লা ধন দেশলৈ উভতাই আনি দেশবাসীৰ উন্নতি সাধনত ব্যৱহাৰ কৰিব৷ সেই ধন ভাৰতলৈ উভতি আহিছেনে সেই তথ্য কাৰো হাতত নাই৷ কিন্তু ২০২৪ চনত ছুইজাৰলেণ্ডত ভাৰতীয়ৰ ধনৰ পৰিমান ৩ গুণ বাঢ়িছে৷ ৩.৫৪ বিলিয়ন ছুইচ ফ্ৰাঙ্ক অৰ্থাৎ প্ৰায় ৩৭ ৬০০ কোটি ভাৰতীয় টকা হৈছেগৈ৷ বুধবাৰে ১৯ জুনত ছুইচ নেশ্ব্যনেল বেংকে এই তথ্য প্ৰকাশ কৰিছে৷
এই সম্পত্তি বৃদ্ধিৰ বেছিভাগেই আহিছে বেংক চেনেল আৰু অন্যান্য আৰ্থিক প্ৰতিষ্ঠানৰ পৰা৷ ব্যক্তিগত বেংক একাউণ্টৰ পৰা নহয়৷ ভাৰতীয় গ্ৰাহকৰ একাউণ্টত এই ধনৰ পৰিমানো বৃদ্ধি পাইছে৷ এই একাউণ্টসমূহত জমা কৰা ধনৰ পৰিমান ১১ শতাংশ অৰ্থাৎ ৩৪৬ মিলিয়ন ছুইচ ফ্ৰাঙ্ক অৰ্থাৎ ৩৬৭৫ কোটি টকা বৃদ্ধি পাইছে৷ এই পৰিমাণ ছুইচ বেংকত জমা মুঠ ভাৰতীয়ৰ অৰ্থৰ ১০ভাগৰ এভাগহে মাত্ৰ৷
SNBয়ে জনাইছে যে বিভিন্ন ছুইচ বেংকত ভাৰতৰ ৩.৫৪ বিলিয়ন ছুইচ ফ্ৰাঙ্ক জমা হৈ আছে৷ ইয়াৰ মাজত ৩.০২ বিলিয়ন ছুইচ ফ্ৰাঙ্ক বেংকত ৩৪৬ মিলিয়ন ছুইচ ফাঙ্ক ব্যক্তিগত একাউণ্টত৷ ৪১ মিলিয়ন ছুইচ ফ্ৰাঙ্ক ট্ৰাষ্টৰ নামত আৰু ১৩৫ মিলিয়ন ছুইচ ফ্ৰাঙ্ক বিভিন্ন বণ্ডত জমা হৈ আছে৷ ২০২৪ চনৰ তুলনাত ২০২৩ চনত জমা থকা সম্পত্তিৰ ৭০শতাংশ কমি চাৰি বছৰত সৰ্বনিম্ন ১.০৪ বিলিয়ন ফ্ৰাঙ্ক হৈছে৷ যি ২০০৬ চনৰ সৰ্বকালৰ সৰ্বোচ্চ ৬.৫ বিলিয়ন ফ্ৰাঙ্কতকৈ কম৷
SNBৰ ৰিপৰ্ট বেংকসমূহৰ ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে৷ ই অন্যান্য দেশৰ সত্তাৰ মাধ্যমেৰে ৰক্ষিত কলা ধন বা একাউণ্ট সম্পৰ্কে কোনো বিৱৰণ প্ৰকাশ নকৰে৷ ছুইচ কৰ্তৃপক্ষই বাৰে বাৰে কৈছে যে এই জমাসমূহ কাৰোবাৰ কলা ধন বুলি আমি নকও৷ ২০১৮ চনৰ চুক্তিৰ পাছত ছুইজাৰলেণ্ডৰ ছুইচ বেংকত জমা হোৱা অৰ্থৰ তথ্য ভাৰত চৰকাৰক দি আহিছে ছুইচ বেংকসমূহে৷ ২০১৯ চনত প্ৰথমবাৰৰ বাবে এই তথ্য দিছিল ছুইচ বেংকৰ পৰা৷
ছুইচ বেংকত জমা অৰ্থৰ দিশৰ পৰা ভাৰতে বিগত বছৰত ৬৭তম স্থানৰ পৰা ৪৮ তম স্থানলৈ আহিছে৷ ২০২২ চনত ভাৰতৰ স্থান আছিল ৪৬তম৷ পাকিস্তানৰ জমা ধন হ্ৰাস পাইছে৷ ছুইচ বেংকত মাত্ৰ ২৭২ মিলিয়ন ছুইচ ফ্ৰাঙ্ক জমা আছে৷ বাংলাদেশৰ জমা ধন ৩৩শতাংশ বৃদ্ধি পাই ৫৮৯ মিলিয়ন ছুইচ ফ্ৰাঙ্ক হৈছেগৈ৷ শীৰ্ষত আছে ব্ৰিটেইন৷ SNBত মুঠ ২২২ বিলিয়ন ছুইচ ফ্ৰাঙ্ক জমা আছে ব্ৰিটেইনৰ৷ দ্বিতীয় স্থানত আছে আমেৰিকা, যাৰ ৮৯ বিলিয়ন ফ্ৰাঙ্ক আৰু তাৰপিছতেই ৱেষ্ট ইণ্ডিজৰ ৬৮ বিলিয়ন ডলাৰ জমা আছে৷ জাৰ্মানী, ফ্ৰান্স, হংকং, লুক্সেমবাৰ্গ, ছিঙ্গাপুৰ আৰু সংযুক্ত আৰৱ আমিৰছাহিৰ টকাও ছুইচ বেংকত জমা আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ