বলীউডৰ কথা মানেই কিবা এটা মছলা! এই ধাৰণা আমাৰ প্ৰত্যেকৰেই মনত আছে৷ নাথাকিবনো কিয়! বলীউডৰ বাহিৰৰ ৰঙীন জগতৰ আঁৰত চলি থাকে বহু ক’লা অধ্যায়৷ কিছু অধ্যায়ে জোঁকাৰি যায় আমাৰ দৰে সাধাৰণ মানুহৰ মন মগজুক৷ এই কাহিনী আয়ুষ শৰ্মা আৰু ছলমান খানৰ ভনীয়েক অৰ্পিতা খানৰ৷
২০১৪ চনত উত্তৰাখণ্ডৰ প্ৰভাৱশালী ৰাজনৈতিক পৰিয়ালৰ সন্তান আয়ুষ শৰ্মাৰ সৈতে বিয়া কৰাইছে ছলমান খানৰ ভগ্নী অৰ্পিতা খানে৷ বিবাহৰ ৪ বছৰৰ পাছত লভযাত্ৰী ছবিৰে বলীউডত অভিষেক হয় আয়ুষৰ৷ প্ৰথমৰে পৰাই সমালোচনাৰ আৱৰ্তত আয়ুষ-অৰ্পিতাৰ প্ৰেমকাহিনী৷ বহুতেই দাবী কৰে চিনেমাত কাম কৰাৰ সুযোগ পাবৰ বাবেই আয়ুষে ছলমান খানৰ ভগ্নীৰ সৈতে প্ৰেম কৰিছিল, লগতে বিবাহো কৰাইছে৷ এয়া প্ৰেম নহয় এয়া স্বাৰ্থপৰতা বুলিও বহুতে বাৰে বাৰে অভিযোগ উত্থাপন কৰি আহিছে৷ এই সমালোচনাৰ মাজতেই অৱশ্যে অৰ্পিতা দুটি সন্তানৰ মাতৃও হৈছে৷ কিন্তু তেওঁলোকৰ চৰ্চা আজিও শেষ হোৱা নাই৷
বলীউডত শেহতৈয়াকৈ দুয়োৰে জীৱনশৈলীক লৈ এক গুঞ্জন উঠিছে৷ একে ছাদৰ তলত থাকিও পৃথকে পৃথকে থাকে অৰ্পিতা আৰু আয়ুষ৷ বিবাহৰ প্ৰথম দিনটোৰ পৰাই দুয়োৰে সম্পৰ্ক তেনেকৈয়ে চলি আছে৷ অৰ্পিতা আৰু আয়ুষে সম্প্ৰতি এক সাক্ষাৎকাৰত জনাইছে যে তেওঁলোকৰ দাম্পত্য জীৱনত বহু এনে কথা আছে যি কথা বহুতেই নাজানে৷ দুয়ো বৈবাহিক সম্পৰ্কত থাকিলেও একে ছাদৰ তলতেই পৃথকে থাকে৷
আয়ুষে জনাই, তেওঁলোক দুজনৰ পছন্দ-অপছন্দ, টোপনিৰ সময়, উঠাৰ সময় সম্পূৰ্ণ পৃথক পৃথক৷ আয়ুষে নিশা দেৰীকৈ শুৱে, চিনেমা চায়, কেতিয়াবা শ্বুটিংৰ প্ৰস্তুতিও কৰে এইসমূহৰ বাবে ব্যক্তিগত পৰিসৰ খুবেই প্ৰয়োজন৷ অন্যহাতে অৰ্পিতা সময় মতে শুৱে সময়মতে উঠে৷
তেওঁ লগতে জনায়, এই অভ্যাসে তেওঁলোকৰ মাজত দূৰত্ব তৈয়াৰ কৰা নাই বৰং সম্পৰ্ক আৰু মজবুতহে কৰিছে৷ তেওঁলোকে বিশ্বাস কৰে যে এক স্বাস্থ্যকৰ সম্পৰ্কত স্পেছ অত্যন্ত গুৰুত্বপূৰ্ণ৷ এহাল দম্পতিয়ে সকলো কাম একেলগে কৰা মানেই সেয়া ভালপোৱা নহয় বৰং এজনে আনজনৰ স্বাধীনতাক সন্মান জনাই পৃথক পৃথকে নিজা সিদ্ধান্ত লোৱাটোহে প্ৰকৃত ভালপোৱা৷ তেওঁলোকৰ মতে এই ব্যতিক্ৰমী দৃষ্টিভংগী আজিৰ যুগত বহুতৰ বাবেই এক উদাহৰণ হব পাৰে৷ অতিৰিক্ত নিৰ্ভৰশীলতা বা নিঃশ্বাস পেলোৱা স্থানৰ অভাৱেই একোটা সম্পৰ্ক ভাঙি পেলায় বুলিও দাবী আয়ুষৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ