ভাৰতত প্ৰৱেশ মাংকি পক্স, বিদেশৰ পৰা উভতি অহা ব্যক্তিৰ দেহত ধৰা পৰিল সংক্ৰমণ, কোৱাৰাইণ্টাইন
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দেওবাৰে প্ৰকাশ কৰা মতে, শেহতীয়াকৈ বিদেশৰ পৰা উভতি অহা এজন ব্যক্তি মাংকি পক্স ৰোগত আক্ৰান্ত হোৱা বুলি প্ৰকাশ পাইছে। ব্যক্তিজনক বৰ্তমানে কোৱাৰাইণ্টাইন কৰে চিকিৎসা কৰা হৈছে।
মন্ত্ৰালয়ে জনোৱা মতে, ব্যক্তিজনক চিকিৎসালয়ত আইছ’লেশ্যনত ৰখা হৈছে আৰু বৰ্তমান তেওঁৰ অৱস্থা সুস্থিৰ, চিন্তাৰ কোনো প্ৰয়োজন নাই। ব্যক্তিজন বিমান বন্দৰত নমাৰ পাছতে নমুনা সংগ্ৰহ কৰি মাংকি পক্সৰ পৰীক্ষা কৰা হৈছিল। মন্ত্ৰালয়ে কয়, ‘নিৰ্ধাৰিত প্ৰট’কল অনুসৰি বিষয়টো চোৱাচিতা কৰা হৈছে।
“ব্যক্তিজনৰ সংস্পৰ্শলৈ আৰু কোনো কোন লোক আহিব পাৰ পাৰে সেইটো বিচাৰি উলিওৱাৰ প্ৰচেষ্টা চলি আছে…” মন্ত্ৰালয়ে কয় যে এনে বিচ্ছিন্ন ভ্ৰমণ সম্পৰ্কীয় গোচৰৰ সৈতে মোকাবিলা কৰিবলৈ আৰু যিকোনো সম্ভাৱ্য বিপদৰ সৈতে মোকাবিলা কৰিবলৈ দেশ সম্পূৰ্ণৰূপে সাজু।
উল্লেখ্য যে, ১৪ আগষ্টত বিশ্ব স্বাস্থ্য সংস্থাই (WHO) আন্তঃৰাষ্ট্ৰীয় চিন্তাৰ বিষয় হিচাপে এই মাংকি পক্সক জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা (PHEIC) ঘোষণা কৰিছিল। আফ্ৰিকা চিডিচিৰ সঞ্চালক প্ৰধান জিন কেছিয়াইও ইয়াক মহাদেশীয় নিৰাপত্তাৰ জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা (PHECS) বুলি ঘোষণা কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















