দেশত এতিয়া চৰ্চাৰ শীৰ্ষত আছে cockroach Janata Party। আজি CJP-এ দিল্লীত NEET পেপাৰ লীক কেলেংকাৰিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। ইয়াৰ মাজতে অষ্ট্ৰেলিয়াৰ নিউ ছাউথ ৱেলছৰ এজন কমাৰ্চিয়েল ব্ৰীডাৰৰ পৰা ১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ কৰা হৈছে। জব্দকৃত পঁইতাচোৰাসমূহ মেডাকাস্কাৰ হিছিং আৰু ডেবুয়া নামৰ দুটা প্ৰজাতিৰ। এই পঁইতাচোৰাসমূহৰ ভিতৰত কিছুমানৰ আকাৰ মানুহৰ হাততকৈও ডাঙৰ। অষ্ট্ৰেলিয়াৰ পৰিৱেশ আৰু জল বিভাগৰ মতে, মে’ মাহত নিউ চাউথ ৱেলছৰ বাথাৰ্ষ্টৰ এজন বাণিজ্যিক প্ৰজননকাৰীৰ পৰা এই দুটা প্ৰজাতিৰ পঁইতাচোৰা জব্দ কৰা হৈছিল। জব্দকৃত পঁইতাচোৰাৰ মূল্য ২ লাখ অষ্ট্ৰেলিয়ান ডলাৰ (ভাৰতীয় মূল্যত প্ৰায় ১ কোটি ৩৫ লাখ টকা)।
অষ্ট্ৰেলিয়াত সাপ, ঘৰিয়ালকে ধৰি বিভিন্ন সৰীসৃপ প্ৰাণী পুহিব পাৰে যিকোনো নাগৰিকে। এনেধৰণৰ সৰীসৃপ প্ৰাণীৰ খাদ্য হিচাপে পঁইতাচোৰাক এনেকৈ ৰাখি অবৈধভাৱে বিক্ৰী কৰি আহিছিল কমাৰ্চিয়েল ব্ৰীডাৰজনে। স্থানীয় চৰকাৰী বিষয়াই পঁইতাচোৰাসমূহ জব্দ কৰি নষ্ট কৰিছে। লগতে অভিযুক্ত ব্ৰীডাৰজনৰ বিৰুদ্ধেও তদন্ত আৰম্ভ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ














