অসম লাইভ২৪ঃ সকলো এৰি কংগ্ৰেছ দললৈ বলীউডৰ জনপ্ৰিয় অভিনেতা কাৰ্তিক আৰিয়ান! অক্ষয় কুমাৰ, কংগনা ৰানাওটে বিজেপি দলৰ সমৰ্থনত মাত মাতি চিনেমা ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়তেই এইবাৰ আন এজন বলীউড অভিনেতাই কংগ্ৰেছ দলত যোগদান কৰাৰ কথাই চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত।
বলীউডৰ নতুন প্ৰজন্মৰ জনপ্ৰিয় অভিনেতাসকলৰ ভিতৰত কাৰ্তিক আৰিয়ান অন্যতম। ‘প্যাৰ কা পঞ্চনামা’ ছবিৰ মাধ্যমেৰে দৰ্শকৰ হৃদয়ত ঠাই লোৱা কাৰ্তিক আকৌ এবাৰ চৰ্চালৈ আহিছে। এইবাৰৰ চৰ্চা ছবিৰ বাবে নহয়। কাৰ্তিকৰ কথা চৰ্চালৈ আহিছে ৰাজনৈতিক দিশক লৈহে। কাৰ্তিকে ‘প্যাৰ কা পঞ্চনামা’ৰ ওপৰিও বলীউডৰ কেইবাখনো ছবিত অভিনয় কৰিছে। কোনোবাখন ছুপাৰহীট হৈছে, কোনোবাখন ফ্লপো হৈছে। কাৰ্তিকে অভিনয় কৰা ছবিৰ ভিতৰত আছে, লাভ আজকল, ফ্ৰেডি, লুকাছুপি, ভুল ভুলাইয়া-২, শেহজাদা. সত্যপ্ৰেম কি কথাকে ধৰি কেইবাখনো ছবিত অভিনয় কৰিছে।
https://x.com/RavinderKapur2/status/1718932638411702684?s=20
চিনেমাপ্ৰেমীৰ মাজত জনপ্ৰিয় হৈ পৰিলেও কেৰিয়াৰৰ নিৰিখত এইবাৰ ভাল সময় পাৰ হোৱা নাই কাৰ্তিকৰ। বছৰৰ আৰম্ভনিতেই বক্স অফিচত মুখ থেকেচা খাইছে কাৰ্তিক অভিনীত ‘শেহজাদা’ই। এই বছৰত মুক্তিপ্ৰাপ্ত কাৰ্তিক অভিনীত আনখন ছবিয়ে হেৰুৱা সন্মান ঘূৰাই দিছে কাৰ্তিকক। কেৰিয়াৰ ভাল চলি নথকাৰ বাবেই এইবাৰ পেছা সলনি কৰি ৰাজনীতিলৈ আহিবলৈ মন মেলিছে নেকি কাৰ্তিকে? সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে কাৰ্তিকৰ এটা ভিডিঅ’। তাতেই দেখা গৈছে, কাৰ্তিক আৰিয়ানে কংগ্ৰেছৰ সৈ প্ৰচাৰত নামিছে।
আগন্তুক ৭নৱেম্বৰত মধ্যপ্ৰদেশ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। নিৰ্বাচনৰ পূৰ্বে প্ৰচাৰত নামি কোনো ধৰণৰ ত্ৰুটি ৰখা নাই কংগ্ৰেছে। ময়দানত নামি ডিজিটেলীও প্ৰচাৰ আৰম্ভ কৰিছে কংগ্ৰেছে। কংগ্ৰেছৰ হৈ প্ৰচাৰ চলোৱা এটা ভিডিঅ ভাইৰেল হৈছে কাৰ্তিক আৰিয়ানৰো। কিন্তু এই ভিডিঅ’ৰ সত্যাসত্য কিমান? বলীউডৰ শেহজাদাই সঁচাকৈয়ে কংগ্ৰেছৰ হৈ প্ৰচাৰত নামিছে নেকি? এটা জনপ্ৰিয় বিজ্ঞাপনৰ ভিডিঅ’ত কংগ্ৰেছৰ লগ’ লগাই সামাজিক মাধ্যমত ভাইৰেল কৰিছে একাংশই।
https://x.com/TheAaryanKartik/status/1719060294797070471?s=20
আইচিচি বিশ্বকাপৰ বাবে এটা অটিটি প্লেটফৰ্মৰ হৈ বিজ্ঞাপনত অভিনয় কৰিছিল কাৰ্তিক আৰিয়ানে। সেই ভিডিঅ’ৰেই এটা অংশ কাটি তাত নিজৰ বিজ্ঞাপন লগাই প্ৰচাৰ কৰিছে সামাজিকমাধ্যমত। ভিডিঅ’ ৰি-পোষ্ট কৰিছে কংগ্ৰেছৰ সমৰ্থনকাৰীয়েও। ভিডিঅ’ শ্বেয়াৰ কৰি কংগ্ৰেছ সমৰ্থকগৰাকীয়ে লিখিছে, ‘অৱশেষত বলীউড কংগ্ৰেছৰ ওচৰত। মধ্যপ্ৰদেশ নিৰ্বাচনত কংগ্ৰেছৰ মুখ বলীউডৰ হাৰ্টথ্ৰৱ কাৰ্তিক আৰিয়ান।’ যদিও এই ভিডিঅ’ ভাইৰেল হোৱাৰ পাছত মুখ খুলিবলৈ বাধ্য হৈছে কাৰ্তিক আৰিয়ানেও। অটিটি প্লেটফৰ্মৰ হৈ কৰা প্ৰকৃত বিজ্ঞাপন শ্বেয়াৰ কৰিছে কাৰ্তিকে। সেই ভিডিঅ’ শ্বেয়াৰ কৰি কেপশ্ব্যনত কাৰ্তিকে লিখিছে, ‘এয়াহে প্ৰকৃত বিজ্ঞাপন। বাকীসকলোবোৰ ভুৱা।’ নেটিজেনৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰা এই ভিডিঅ’ সামাজিকমাধ্যমৰ পৰা ডিলিট কৰিবলৈকো আহ্বান জনাইছে অভিনেতা কাৰ্তিক আৰিয়ানে। আগন্তুক ৭ আৰু ১৭ নৱেম্বৰত দুই দফীয়া নিৰ্বাচন অনুষ্ঠিত হ’ব মধ্যপ্ৰদেশত। এই নিৰ্বাচনৰ প্ৰচাৰতেই কংগ্ৰেছ সমৰ্থকে এই ভিডিঅ’ শ্বেয়াৰ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ