বহু কষ্ট কৰি গোপনে ৰাখিছিল নিজৰ এক ভুল সিদ্ধান্তৰ কথা৷ কিন্তু ইতিহাসত এনেকোৱা কঠিন বাস্তৱ হয়তো মানি লোৱা মানুহ কমেই ওলাব৷ সম্প্ৰতি নিজৰ এক অভিজ্ঞতাৰ কথা নেট মাধ্যম ৰেডিটত সকলোৰে সৈতে ভগাই লৈছে এগৰাকী মহিলাই৷ কি ঘটিছিল তেওঁৰ জীৱনত?
নাম প্ৰকাশত অনিচ্ছুক সেই মহিলাই লিখিছে, ‘তেতিয়া মোৰ বয়স আছিল ৩৮ বছৰ৷ মোৰ কন্যাৰ বয়স ১৮ বছৰ৷ হঠাৎ শুনো যে হেৰি নামৰ এজন লৰাৰ সৈতে মোৰ কন্যাৰ খুব বন্ধুত্ব হৈছে৷ ২৪ বছৰীয়া হেৰি আমাৰ ঘৰলৈকো আহিছিল৷ কিন্তু মই দেখি বুজিব পাৰো যে লৰাটো সুবিধাজনক নহয়৷ বিভিন্ন ধৰণৰ নিছা লয় সি৷ মই স্বীকাৰ কৰিছো মাতৃ হিতাপে মইয়ো ভাল নাছিলো৷ কিন্তু কন্যৰ বেয়া মই বিচৰা নাছিলো৷ সেইবাবেই হেৰিক ঘৰত মাতো৷ যাতে মোৰ কন্যাৰ পৰা সি দূৰৈত থাকে৷ কিন্তু সি মোৰ ঘৰতো নিচা কৰিবলৈ আৰম্ভ কৰে৷ ময়ো মাদকাসক্ত আছিলো৷ যি কথাৰ মাজত মোক মাদক সেৱনৰ বাবে প্ৰস্তাৱ দিছিল৷ ময়ো নিজকে কন্ট্ৰলত ৰাখিব নোৱাৰিলো৷ তাৰপিছতেই তাৰ সৈতে মোৰ শাৰীৰিক সম্পৰ্ক গঢ়ি উঠিল৷ আৰু কিছুদিন পাছত মই জানিব পাৰো যে মই অন্তঃসত্ত্বা৷ কিন্তু এই কথা কাকোৱেই মই জনাব পৰা নাছিলো৷ পাছত উপায়হীন হৈ মই অকলেই গৈ গৰ্ভপাত কৰো৷
মহিলাৰ আক্ষেপ তেওঁৰ কথা শুনা নাছিল কন্যাই৷ হেৰিককেই বিয়া কৰোৱাৰ সিদ্ধান্ত লৈছিল তেওঁ৷ তাৰপাছতেই ১৬ বছৰ পাৰ হৈছে৷ মোৰ কন্যা এতিয়া টেক্সাছত থাকে৷ তেওঁলোকৰ এগৰাকী সন্তানো আছে৷ কিন্তু অতীতৰ ঘটনাৰ বাবে কন্যা আৰু জোঁৱায়েকৰ সৈতে ল’গ কৰা নাই সেই মহিলাই৷ তাৰপিছত তেওঁ আৰু কোনোদিনেই মদো স্পৰ্শ কৰা নাই বুলি জনাইছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ