বিচ্ছেদ ফাইনেল৷ অৱশেষত বিচ্ছেদৰ বিষয়টোক সঁচা বুলি চিলমোহৰ মাৰিলে মৌনী ৰায় আৰু সূৰজ নাম্বিয়াই৷ যৌথভাৱে সামাজিকমাধ্যমযোগে এই ঘোষণা কৰিলে দুয়োৱে৷ দীৰ্ঘ বিবৃত্তিত তাৰকা দম্পতিয়ে লিখিছে, ‘আমি পৃথক হোৱাৰ সিদ্ধান্ত লৈছো৷ বিষয়টো আমাৰ ব্যক্তিগত যে সৌজন্য বজায় ৰাখি সকলোবোৰ সামৰিবলৈ কিছু সময়ো লৈছো৷ শ্ৰদ্ধা আৰু বুজাপৰা বৰ্তাই ৰাখিয়েই আমি আমাৰ পথ পৃথক কৰাৰ সিদ্ধান্ত লৈছো৷ দাম্পত্যহে ভাঙিছে কিন্তু একেলগে কটোৱা ভাল মুহূৰ্ত আৰু বন্ধুত্বক আমি আজীৱন মনত ৰাখিম আৰু সেই সময়ক উপভোগো কৰিম৷’
ছমাহ পূৰ্বেই তেওঁলোক পৃথক হৈছে৷ শুনা গৈছে সূৰজে সম্পৰ্কত প্ৰতাৰণা কৰিছে৷ একাংশই কৈছে, দাম্পত্যত সূৰজে বিশেষ গুৰুত্ব পোৱা নাছিল৷ মৌনীক বিয়া কৰোৱাৰ পাছৰে পৰাই সূৰজে ধাৰণা কৰিছিল যে সামাজিক পৰিসৰত মৌনীয়ে তেওঁক কমকৈ গুৰুত্ব দিয়ে৷ তাৰপৰাই দুয়োৰে মাজত মনোমালিন্য হৈ সম্পৰ্কত ভাঙোন আৰম্ভ হৈছিল৷ সঁচা কি এতিয়াও জানিব পৰা হোৱা নাই৷ এইবাৰ তেওঁলোক দুয়োৱে আইনী বিচ্ছেদৰ পথেৰে আগুৱাই যোৱাৰ কথাহে জানিব পৰা গৈছে৷
উল্লেখ্য যে ২০২২ চনৰ ২৭ জানুৱাৰীত গোৱাত বিবাহপাশত আৱদ্ধ হৈছিল মৌনী আৰু সূৰজে৷ বাঙালী আৰু মালয়ালী দুই ৰীতি মানি বিবাহ হৈছিল তেওঁলোকৰ৷ বিবাহৰ পাছত দুয়োৱে বহু ভাল সময় উপভোগ কৰাৰ ছবিও সামাজিক মাধ্যমত ভগাই লৈছিল দুয়োৱে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















