অসম লাইভ২৪ঃ ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ চৰ্চা সমগ্ৰ দেশতেই। ভাৰতে টী-২০ৰ ছেমিফাইনেলতেই ইনিংছ সামৰিব লগা হোৱাত সকলোৰে মুখে মুখে মাহীৰ নাম। মাহীৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে খেলত যি যাদু দেখুওৱাইছিল সেয়া আৰু বিৰাট বা ৰোহিতে দেখুওৱাব পৰা নাই। সুচাৰুৰূপে দলটোক পৰিচালনা কৰিব পাৰিছিল মাহীয়ে। ক্ৰিকেটৰ পৰা অৱসৰ ল’লেও মাহীৰ চৰ্চা প্ৰায় প্ৰতিদিনেই চলে সামাজিক মাধ্যমত। এইসমূহৰ মাজতেই অন্য এখন ফটোৱেহে নেট দুনীয়াত হাহাকাৰ লগাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেৰে হৈছে হেণ্ডচেক কৰাৰ এটা ভিডিঅ’ এতিয়া সমগ্ৰতে ভাইৰেল। ফটোখনক লৈ বহুতেই বহুধৰণে দাঙি ধৰিছে মতামত।
ৰাজনীতিলৈ মন মেলিছে ধোনীয়ে?
তদানীন্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়েই ভাৰতৰ একমাত্ৰ ক্ৰিকেটাৰ যিয়ে তিনিবাৰকৈ আইচিচিৰ ট্ৰফী কঢ়িয়াই আনিছিল দেশলৈ। বৰ্তমানো মাহীৰ অনুৰাগীৰ সংখ্যা দেশত লেখত লবলগীয়া। আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় মাগিলেও মাহীয়ে বৰ্তমান আইপিএলক চেন্নাই চুপাৰ কিংছৰ কেপ্টেইনৰ দায়িত্বত আছে। শেহতীয়াকৈ ধোনীয়ে অমিত শ্বাহক সাক্ষাৎ কৰাৰ ছবিখনক লৈ নেটিজেনে দিছে ভিন্ন মত। নোটিজেনে লিখিছে, ‘ধোনীয়ে ৰাজনীতিলৈ অহাটোৱেই তেন্তে পাক্কা!’
ক’ত সাক্ষাৎ কৰিছিল ধোনী-শ্বাহে?
ভাইৰেল ফটোখন চেন্নাইৰ এক অনুষ্ঠানৰ। ইণ্ডিয়ান চিমেণ্টছে ৭৫ বৰ্ষপূৰ্তী উপলক্ষে আয়োজন কৰা এই অনুষ্ঠানত অমিত শ্বাহকে ধৰি বহুকেইগৰাকী ৰাজনৈতিক নেতাকো আমন্ত্ৰণ জনোৱা হৈছিল। সেই অনু্ষ্ঠানত উপস্থিত আছিল মহেন্দ্ৰ সিং ধোনীও। বিচিচিআইৰ প্ৰাক্তন সভাপতি এন শ্ৰীনিৱাসৰ এই অনুষ্ঠানতেই হাত মিলাইছিল অমিত শ্বাহ আৰু মাহীয়ে।
ধোনী কিয় লেখত লবলগীয়া খেলুৱৈ?
৪১ বছৰীয়া ধোনীয়ে তেওঁৰ কেৰিয়াৰত দেশবাসীক গৌৰৱ কৰিব পৰাকৈ বহুকেইটা সন্মান কঢ়িয়াই আনিছে। ধোনীৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে ২০০৭ চনত টী-২০ বিশ্বকাপ, ২০১১ চনত এদিনীয়া বিশ্বকাপ আৰু ২০১৩ চনত আইচিচি বিশ্বকাপৰ খিতাপ দেশলৈ কঢ়িয়াই আনিছিল। ধোনীয়ে তেওঁ কেৰিয়াৰত ৯০ খন টেষ্ট, ৩৫০ খন এদিনীয়া আৰু ৯৮ খন টী-২০ বিশ্বকাপ খেলিছিল। তেওঁ বিশ্বকাপ ক্ৰিকেটত ১৭ হাজাৰৰো অধিক ৰান সংগ্ৰহ কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ