অসম লাইভ ২৪ : উদ্যোগপতি মুকেশ আম্বানিলৈ আহিছে ভাবুকিভৰা চিঠি। যিখন চিঠি লৈ এতিয়া সৃষ্টি হৈছে চাঞ্চল্যৰ। এই বিশেষ চিঠিখন এখন গাড়ীৰ পৰা উদ্ধাৰ কৰা হৈছে। মুকেশ আম্বানিৰ ঘৰৰ বাহিৰত উদ্ধাৰ হোৱা স্কৰপিঅ’ গাড়ী এখনৰ ভিতৰত ভাবুকিভৰা চিঠিখনৰ লগতে উদ্ধাৰ হৈছে ২০ খন ছুৰি। চিঠিখনত লিখিছে ‘য়ে টৌ ছিৰফ ট্ৰেইলাৰ হ্যে’। আকৌ যেতিয়া আহিম ইয়াৰ পৰিণতি ভয়ংকৰ হ’ব। দেশৰ প্ৰভাৱশালী উদ্যোগপতিগৰাকীলৈ অহা এই চিঠিখনে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ