অসম লাইভ২৪ঃ মুকেশ আম্বানীৰ আয় সম্পৰ্কে সকলোৱেই জানে। বিভিন্ন ৰিপৰ্টত আম্বানী পৰিয়ালৰ সম্পত্তিৰ খবৰ প্ৰকাশ পাই আহিছে। এইবাৰ সকলোৰে দৃষ্টিগোচৰ হৈছে গাড়ীচালকৰ আয় কিমান? আম্বানীৰ ড্ৰাইভাৰৰ দৰমহা শুনিলেই চকু কঁপালত উঠিব আপোনাৰ।
কেইবাটাও ৰিপৰ্টত দাবী কৰামতে মুকেশ আম্বানিৰ ব্যক্তিগত ড্ৰাইভাৰৰ ২০১৭ চনত প্ৰতিমাহৰ দৰমহা আছিল ২ লাখ টকা। বিগত ৬বছৰত এই ধনৰ পৰিমান বৃদ্ধি হৈছে। ২০১৭ চনত ড্ৰাইভাৰজনৰ বাৰ্ষিক ইনকাম আছিল ২৪ লাখ টকা। ড্ৰাইভাৰগৰাকীৰ দৰমহাৰ পৰিমান এজন অফিচাৰতকৈয়ো বেছি। আম্বানীৰ পৰিয়ালত ড্ৰাইভাৰৰ যোগান ধৰে এটা ব্যক্তিগত সংস্থাই। আম্বানীৰ ড্ৰাইভাৰ হ’বলৈকো কেইবাটাও কঠোৰ প্ৰশিক্ষণ মানি চলিব লাগে চালকে। চালকে মূলত আম্বানিৰ বুলেটপ্ৰুফ গাড়ী চলোৱাৰ দায়িত্ব দিয়া হয়। আম্বানীৰ চালক হ’বলৈ চালকসকলে এইকেইটা নিয়ম মানি চলাটো নিতান্তই প্ৰয়োজন।
যিকোনো পৰিস্থিতিত আম্বানীৰ ড্ৰাইভাৰে নিজকে শান্ত কৰি ৰাখিব লাগিব। চালকজনৰ বিলাসবহুল বাহন নতুবা যুদ্ধৰ বাহন চলোৱাৰ অভিজ্ঞতা থাকিব লাগিব। আম্বানীৰ চালকে ঘৰত কাম কৰা লোক, ছিকিউৰিটিৰ লগতে বীমা, ভাট্টা আদিৰো সুবিধা লাভ কৰে।
উল্লেখ্য যে মুকেশ আম্বানী বৰ্তমান ভাৰতৰ সকলোতকৈ ধনী ব্যক্তি। বৰ্তমান তেওঁ এছিয়া মহাদেশৰো সকলোতকৈ ধনী ব্যক্তি। বিশ্বৰ ভিতৰত তেওঁ ১৩ সংখ্যক ধনী ব্যক্তি। আম্বানীৰ ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ বজাৰ মূল্যৰে সকলোতকৈ মূল্যবান কৰ্পৰেছন। এই কোম্পানীৰ চেয়াৰমেন আৰু ডাইৰেক্টৰ খোদ মুকেশ আম্বানীয়েই। শেহতীয়াকৈ ৰিলায়েঞ্চৰ দায়িত্বভাৰ তেওঁ আকাশ আম্বানীৰ হাতত তুলি দিছে। আনহাতে ৰিলায়েঞ্চৰ ৰিটেইল চেইলৰ দায়িত্ব তুলি দিছে কন্যা ইশা আম্বানীৰ হাতত। আম্বানীৰ পুত্ৰ আৰু কন্যাই এতিয়া সমস্ত ৰিলায়েঞ্চৰ দায়িত্বভাৰ গ্ৰহণ কৰা বুলিও এক মিডিয়া ৰিপৰ্টে প্ৰকাশ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ