এসময়ত তেওঁ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ উচ্চ অধিকাৰী আছিল৷ মুকেশ আম্বানিৰ বিশ্বস্ত হিচাপে তেওঁ সামৰি ৰাখিছিল মুকেশ আম্বানীৰ একাধিক কামকাজ৷ ৰিলায়েন্সৰ প্ৰজেক্ট ডিভিছনৰ ভাইছ প্ৰেছিডেণ্ট হিচাপে তেওঁ জামেনগৰত থকা পেটকোক গেছ প্ৰকল্পৰ সবিশেষ দায়িত্বও গ্ৰহণ কৰিছিল৷ মাহিলী তাৰবাবে তেওঁক দিয়া হৈছিল ৭৫ কোটি টকা দৰমহা৷ কিন্তু কৰ্পৰেট জগতত বহু বছৰ কাম কৰাৰ পাছত প্ৰকাশ শ্বাহ নামৰ ব্যক্তিজনে এটা আশ্চৰ্যকৰ আৰু সাহসী সিদ্ধান্ত লৈছে৷ সমস্ত সম্পদ আৰু আৰাম ত্যাগ কৰি আধ্যাত্মিক পথত আগুৱাই যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰকাশ শ্বাহে৷
প্ৰকাশ শ্বাহ কেমিকেল ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰীধাৰী৷ বোম্বে আই আইটিৰ পৰা তেওঁ স্নাতকোত্তৰ অৰ্জন কৰিছিল৷ তেওঁৰ শক্তিশালী প্ৰযুক্তিগত দক্ষতা আৰু নেতৃত্বৰ ক্ষমতাই তেওঁক ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজত দ্ৰুত উন্নতি কৰাত সহায় কৰিছিল৷ তেওঁ কেইবাবছৰ ধৰি মুকেশৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিছিল আৰু সংস্থাৰ সাফল্যত গুৰুত্বপূৰ্ণ ভূমিকাও পালন কৰিছিল৷ তেওঁৰ পত্নী নয়না শ্বাহো শিক্ষিত৷ বাণিজ্য বিভাগত তেওঁৰ আছে বিশেষ ডিগ্ৰী৷
প্ৰকাশ শ্বাহৰ আছে দুগৰাকী সন্তানো৷ দুই সন্তানৰ এজনেও দীক্ষা গ্ৰহণ কৰিছে৷ দ্বিতীয় সন্তান বিবাহিত আৰু তেওঁৰো এটা সন্তান আছে৷ বহুদিন ধৰি প্ৰকাশে নিজেই দীক্ষা লোৱাৰ পৰিকল্পনা কৰিছিল৷ কিন্তু কভিড-১৯ মহামাৰীৰ কাৰণে তেওঁৰ আধ্যাত্মিক যাত্ৰা বিলম্বিত হয়৷ অৱশেষত মহাবীৰ জয়ন্তীৰ দিনা প্ৰকাশ আৰু তেওঁৰ পত্নী নয়নাই একেলগে দীক্ষা গ্ৰহণ কৰে৷ জৈন ধৰ্ম আৰু অন্যান্য আধ্যাত্মিক ঐতিহ্য অনুসৰণ কৰি দীক্ষা লোৱাৰ অৰ্থ সমস্ত জাগতিক আসক্তি ত্যাগ কৰি আভ্যন্তৰীণ শান্তি আৰু স্বাধীনতাৰ পথ অনুসৰণ কৰা৷
আজি প্ৰকাশৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈছে৷ কোটিপতি জীৱন ত্যাগ কৰি তেওঁ খালী ভৰিৰে, বগা পোছাক পৰিধানৰ কৰি ভিক্ষা মাগি জীৱনযাপন কৰিছে৷ তেওঁ সমস্ত ভোগবিলাসিতা ত্যাগ কৰি আধ্যাত্মিক বিকাশ আৰু সহজ সৰল জীৱন যাপনৰ ওপৰত সম্পূৰ্ণ মনোযোগ দিবলৈ আৰম্ভ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ