আজি দেওবাৰ৷ দেওবাৰ মানেই সূৰ্যদেৱৰ দিন৷ ইয়াৰোপৰি আজি চন্দ্ৰই তুলা এৰি বৃশ্চিক ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি আজি আহাৰ মাহৰ শুক্লা একাদশী তিথি৷ আজিৰ পৰা বিষ্ণুৱে চাৰি মাহৰ বাবে যোগনিদ্ৰাত যাব বাবে এই তিথিক দেৱশয়নী একাদশী বুলি কোৱা হয়৷ জ্যোতিষমতে সেয়ে আজিৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ৷ এই একাদশীতে ঘূৰিব বহুতৰে ভাগ্যচক্ৰ৷ খুলি যাব পাৰে সৌভাগ্যৰ দুৱাৰ৷
বৃষ ৰাশি
আজি বৃষ ৰাশিৰ জাতকৰ বাবে আৰ্থিক দিশটো অত্যন্ত শুভ৷ ৰৈ থকা ধন লাভৰ সম্ভাৱনা আছে৷ চাকৰিপ্ৰাৰ্থীসকলৰ নতুন দিশা খুলিব পাৰে৷ ব্যৱসায়ীয়ে মাটি সম্পত্তি সংক্ৰান্তিয় কামত লাভৰ মুখ দেখিব পাৰে৷
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটোত সৃজনশীল কাম অনুপ্ৰেৰণাদায়ক হব পাৰে৷ শিল্পী, লেখক কিংবা গণমাধ্যমত কৰ্মৰত ব্যক্তিয়ে আজিৰ কামৰ স্বীকৃতি পাব৷ প্ৰেম জীৱনত মাধুৰ্যতা বাঢ়িব৷
বৃশ্চিক ৰাশি
আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ দীৰ্ঘম্যাদি কোনো সমস্যাৰ কাৰ্যকৰী সমাধান বিচাৰি পাব৷ কৰ্মস্থলত সুনাম বাঢ়িব পাৰে৷ চাকৰিয়ালৰ পদোন্নতিৰ সম্ভাৱনা আছে৷ দাম্পত্যত সম্পৰ্কৰ ভুল বুজাবুজিৰ অৱসান ঘটিব৷
মকৰ ৰাশি
মকৰ ৰাশিৰ জাতকৰ বাবে দিনটো বিশেষভাৱে শুভ৷ দীৰ্ঘদিনৰ চেষ্টাৰ ফল আজি পাব পাৰে৷ শিক্ষাৰ্থীসকলৰ বাবে নতুন সুযোগ আহিব৷ শাৰীৰিকভাৱে সুস্থবোধ কৰিব, মানসিক চাপ বহুপৰিমানে পাতল হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ