আমি বহুতেই ঘৰত বা অফিচত লাকী বেম্ব গছ ৰাখো৷ বাস্তুমতে এই গছ ৰাখিলে নানান দিশৰ পৰা শুভ ফল পোৱা যায়৷ বাস্তুৰো উন্নতি হয়৷ বতাহো পৰিশুদ্ধ কৰে লাকি বেম্বুৱে৷ সুন্দৰ এই গছ ৰাখিবলৈ বেছি পোহৰৰো প্ৰয়োজন নাই৷ কেৱল পানীত থৈ দিলেই এই গছ বাঢ়িবলৈ ধৰে৷ কিন্তু ঘৰ বা অফিচত যিকোনো স্থানত গছজোপা যদি সঠিক দিশ মানি নাৰাখে তেন্তে ভালৰ সলনি বেয়া ফল পোৱাৰ আশংকাই বেছি৷ জানি থওক ঘৰ বা অফিচৰ কোন দিশত লাকি বেম্বু গছ ৰখা উচিত? ইয়াৰ ফলত কি কি ভাল ফল লাভ হয়৷
ঘৰ বা অফিচৰ কোন দিশত লাকী বেম্বু ৰখা উচিত?
লাকী বেম্বু ৰখাৰ ফলত কি হয়?
- ঘৰত নিগেটিভ শক্তিৰ পৰিমাণ হ্ৰাসপ্ৰাপ্ত হয়৷ ঘৰ পজিটিভ শক্তিৰে ভৰি উঠে৷
- অফিচৰ ডেস্কত লাকি বেম্বু ৰাখিলে কৰ্মক্ষেত্ৰত উন্নতি হয়৷
- ঘৰত লাকী বেম্বু ৰাখিলে আৰ্থিক দিশত উন্নতি হয়৷ ধন টকা পইছাৰ অভাৱ কমি যায়, জীৱন সুখ শান্তিত ভৰি উঠে৷
- লাকী বেম্বুৰ শুভ শক্তিয়ে সাফল্যৰ পথত অহা সকলো বাধা কাটি সফলতাৰ চূড়াত উপস্থিত হোৱাতো সহায় কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ