নতুন ৰাজনৈতিক দল ঘোষণা কৰিছে মাৰ্কিন ধনকুবেৰ এলন মাস্কে৷ তেওঁ জনাইছে যে তেওঁৰ নতুন দলৰ নাম আমেৰিকা পাৰ্টি৷ ২০২৬ চনৰ মিড টাৰ্ম ইলেকছনত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব৷ আমেৰিকাৰ মানুহক প্ৰকৃত স্বাধীনতা আনি দিয়াই লক্ষ্য মাস্কৰ নতুন দলৰ৷ কিন্তু আমেৰিকাৰ গণতন্ত্ৰত দ্বিদলীয় ব্যৱস্থাহে আছে৷ দুটা দল ইতিমধ্যেই আছে৷ ৰিপাব্লিকান পাৰ্টি আৰু ডেমোক্ৰেটিক পাৰ্টি৷ দ্বিদলীয় ব্যৱস্থাৰ পৰা কেনেকৈ তৃতীয় দল তৈয়াৰ কৰিলে মাস্কে? সেই প্ৰশ্ন বিশ্বজুৰি উত্থাপিত হৈছে৷
আমেৰিকাৰ শাসনব্যৱস্থাত এই দলত বৈধতা কিমান? কেনেকৈ মাস্কে স্থান ল’ব পাৰিব? বিশেষজ্ঞই এই বিষয়ে নানান মত দিছে৷ অধিকাংশই মানি লৈছে যে কঠিন চেলেঞ্জৰ সন্মুখীন হ’ব মাস্ক৷ অন্তত ছটাকৈ ডাঙৰ চেলেঞ্জ তেওঁৰ বাবে আছে৷ এই যুঁজ একেবাৰেই সহজ নহয়৷ মাস্ক বিশ্বৰ ধনীতম ব্যক্তিৰ মাজত অন্যতম৷ অৰ্থই তেওঁক কিছু আগুৱাই নিলেও আমেৰিকাৰ ৰাজনীতিৰ ময়দানত শেষ পৰ্যন্ত টিকি থাকিব পাৰিবনে সেই বিষয়ত সন্দিহান হৈছে বিশেষজ্ঞ৷
প্ৰতিষ্ঠানিক বাধা
আমেৰিকাৰ দ্বিদলীয় ব্যৱস্থাত তৃতীয় দলৰ বাবে নানান প্ৰতিবন্ধকতা আছে৷ তৃতীয় দলৰ একেবাৰেই অবৈধ তেনে কথা নাই যদিও পথ মসৃণ নহয়৷ প্ৰাতিষ্ঠানিক কিছু বাধাৰ সন্মুখীন হ’ব লাগিব মাস্ক৷ জৰ্জটাউন বিশ্ববিদ্যালয়ৰ ৰাজনৈতিক ইতিহাসৰ অধ্যাপক হান্স নোয়েলে কয়, ‘বহু দল বা তৃতীয় দলৰ বাবে উন্মোক্ত সফল কোনো প্ৰতিষ্ঠান আমেৰিকাত নাই৷ নিজকে প্ৰতিষ্ঠা কৰিবলৈ হ’লে তেওঁৰ দল ভোটত জিকিব লাগিব৷ এয়া অন্যান্য গণতন্ত্ৰৰ দৰেও নহয় যে আপুনি সৰু এটা দল আৰম্ভ কৰিলে ২০-৩০ শতাংশ ভোট পাই আইনসভাত আসনৰ ভাগ পাব৷ আমেৰিকাৰ ব্যৱস্থাত জয়ী দলেই সকলো পায়৷ যদি মাস্কে বিভিন্ন প্ৰদেশৰ ফেডাৰেল প্ৰাৰ্থীসকলক সমৰ্থন কৰিব খোজে কিংবা নিজে তৃতীয় প্ৰেছিডেণ্ট পদপ্ৰাৰ্থী হ’ব খোজে তেন্তে বেলট লাভৰ বাবে তেওঁ বিভিন্ন প্ৰয়োজনীয়চা পূৰণ কৰিব লাগিব৷ নতুন দলৰ নথিভুক্তকৰণৰ বাবে আমেৰিকাৰ প্ৰাদেশিক আৰু ফেডাৰেল নিৰ্বাচন কমিছনৰ একাধিক নিয়ম আছে৷ প্ৰদেশসমূহৰ নিজস্ব নিয়মো আছে৷ বেলটত নাম উঠাবলৈ হলে ভোটাৰসকলৰ ওচৰৰ পৰা বহু স্বাক্ষৰ জোগাৰ কৰিব লাগিব৷ অৱশ্যে বিশেষজ্ঞৰ মত যে ভোটাৰৰ পৰা স্বাক্ষৰ জোগাৰ কৰাৰ সামৰ্থ্য মাস্কৰ আছে৷
তৃতীয় দলৰ ইতিহাস
আমেৰিকাত ইয়াৰ পূৰ্বেও একাধিকবাৰ তৃতীয় দল আৰম্ভ কৰাৰ চেষ্টা চলিছে৷ দ্বিদলীয় ব্যৱস্থাৰ বাহিৰলৈ গৈ তৃতীয় দলৰ অস্তিত্ব পূৰ্বেও আছিল৷ কিন্তু জাতীয় স্তৰত তেওঁলোকৰ আবেদন সীমিত৷ শেষবাৰ তৃতীয় দলৰ প্ৰাৰ্থীয়ে প্ৰেছিডেণ্ট নিৰ্বাচনত যুঁজ দিছিল ১৯৬৮ চনত৷ সেইবাৰ আমেৰিকান ইণ্ডিপেণ্ডেণ্ট পাৰ্টিৰ প্ৰাৰ্থী আছিল জৰ্জ ৱালেছ৷ ১৯৯২ চনত মাৰ্কিন ধনকুবেৰ ৰছ পেৰটেও ১৯শতাংশ ভোট লাভ কৰিছিল৷ কিন্তু কোনো ইলেক্টৰেল কলেজ ভোট লাভ নকৰিলে৷ ২০০০ চনত ৰেল্ফ নাদেল গ্ৰীণ পাৰ্টিৰ হৈ প্ৰেছিডেণ্ট ভোটৰ বাবে তেওঁ যুঁজিছিল৷ ফ্লৰিডাৰ ফলাফল কঠিল কৰি দিছিল তেওঁ৷ ছুপ্ৰিম কৰ্কটৰ হস্তক্ষেপৰ পাছত ৰিপাব্লিকান নেতা জৰ্জ বুশ জয়ী হয়৷
কৌশলগত সীমাবদ্ধতা
একতাৰ অভাৱ
ৰাজনৈতিক বন্ধু
ধৈৰ্য্য
বিশেষজ্ঞৰ একাংশই কৈছে, ‘আমেৰিকা পাৰ্টিক শক্তিশালী কৰিবলৈ ধৈৰ্য ধৰিব লাগিব মাস্কে৷ সেয়া তেওঁ কৰিব পাৰিবনে নাই তাক লৈ সংশয় আছে৷ কাৰণ স্পেছ এক্সৰ মালিকৰ মেজাজৰ পৰিচয় পূৰ্বেও একাধিকবাৰ পোৱা গৈছে৷’ অধ্যাপক হান্সে এই বিষয়ে কয়, ‘প্ৰচলিত নিয়মৰ বাহিৰলৈ গৈ চলাটো তেওঁৰ অভ্যাস৷ কৰ্মীসকলৰ বাবে তেওঁ উচ্চমানৰ লক্ষ্য স্থিৰ কৰি দিয়ে৷ ৰকেট, গাড়ী তৈয়াৰ কৰে তেওঁ৷ কিন্তু বেলটত নাম তোলা তাতকৈ কঠিন কাম৷ তাৰবাবে যথেষ্ট ধৈৰ্য্য লাগে৷ টকা দি আমেৰিকাত ভোট ক্ৰয় কৰা সহজ কথা নহয়৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ