কোৱা হয়, ভালপোৱাই মানুহক অন্ধ কৰি দিয়ে৷ সেই ভালপোনাৰ বাবেই এগৰাকী মহিলাৰ সৈতে ঘটিল ভয়ংকৰ ঘটনা৷ ভালপোৱা প্ৰেমিক স্বামীয়েই পত্নী ছাহেদিনা টুনিৰ সৈতে কৰিছে এই কাণ্ড৷ স্বামীৰ জীৱন ৰক্ষা কৰিবলৈ টুনিয়ে তেওঁৰ নিজৰ এটা কি়ডনি দান কৰিছিল৷ কিন্তু কৃতজ্ঞতাতো দূৰৈৰে কথা, স্বামীয়ে টুনিৰ এই মহান কামৰ প্ৰতিদানত তেওঁক নিৰ্যাতন চলোৱাতে শান্ত নাথাকি প্ৰতাৰণাও কৰিছে বুলি অভিযোগ আনিছে টুনিয়ে৷
এই ঘটনা ছাভাৰৰ কলমা এলেকাৰ৷ টুনিয়ে স্বামী তাৰেকৰ বিৰুদ্ধে এক গাৰ্হস্থ্য হিংসাৰ গোচৰ কৰাৰ পাছতেই প্ৰকাশিত হৈছে সমগ্ৰ বিষয়৷ অভিযোগকাৰীৰ দাবী, তেওঁ যেতিয়া কলেজত পঢ়ি আছিল তেতিয়াই মালয়েচিয়াত কৰ্মৰত যুৱক তাৰেকৰ সৈতে বিবাহত বহে৷ ২০০৬ চনত তেওঁলোক বিবাহপাশত আৱদ্ধ হৈছিল৷ বিবাহৰ এবছৰ পাছত তেওঁলোকৰ এটা পুত্ৰসন্তানৰো জন্ম হয়৷ ২০০৮ চনৰ মাজভাগত তাৰেক গুৰুতৰভাৱে অসুস্থ হৈ পৰে৷ চিকিৎসকে জনাই যে তেওঁৰ দুটা কিডনিয়েই প্ৰায় বিকল হৈ পৰিছে৷
টুনিয়ে তেওঁৰ স্বামীৰ জীৱন ৰক্ষাৰ বাবে ভেলোৰলৈ লৈ যোৱাৰ সিদ্ধান্ত নহয়৷ এসপ্তাহৰ ভিতৰতেই তামিলনাডুৰ বিখ্যাত চিএমছিএইছলৈ যায় দম্পতি৷ তাতেই চিকিৎসকে দেখে যে তাৰেকৰ কিডনিয়ে মাত্ৰ ২৪শতাংশহে কাম কৰিছে৷ এই অৱস্থাত তেওঁৰ আয়ুস খুবেই কম৷ তেওঁ সুস্থ হোৱাৰ একমাত্ৰ উপায় হৈছে কিডনি সংৰোপন কৰা৷
এই খবৰ শুনাৰ পাছতেই সৰগ ভাঙি পৰে তেওঁলোকৰ ওপৰত৷ কিডনি সংৰোপনৰ বাবে তেওঁলোকৰ হাতত পৰ্যাপ্ত ধন নাছিল৷ সেয়ে পুনৰ ঢাকালৈ উভতি গৈ টুনিয়ে ঘৰতেই এখন বিউটি পাৰ্লাৰ খোলে৷ তাৰপৰা কিছুদিনৰ ভিতৰত ৪০,০০০ টকাৰ পৰা ৫০,০০০ টকা আয় কৰে৷ সঞ্চয় আৰু বিবাহৰ গহনা বিক্ৰিৰ ধন মিলাই ২০১৯ চনৰ আৰম্ভণিতেই তাৰেকৰ কিডনি সংৰোপন কৰোৱাই পত্নী টুনীয়ে৷ এই সংৰোপনৰ বাবে তেওঁ নিজৰ কিডনিয়েই দান কৰে৷ ২০১৯ চনক ২৬ অক্টোবৰত দিল্লীৰ এপল হাস্পতালত কিডনি প্ৰতিস্থাপন সফল হয়৷
কিন্তু সুস্থ হৈ ওঠাৰ পাছতেই সলনি হৈ পৰে তাৰেকৰ আচৰণ৷ টুনিৰ অভিযোগ যে, এগৰাকী বিবাহবিচ্ছেদিত মহিলাৰ সৈতে পৰকীয়া সম্পৰ্কত সোমাই পৰিছে তেওঁৰ স্বামী৷ প্ৰথমে বিষয়টো গোপনে থাকিলেও পাছলৈ প্ৰকাশ্যে নিজৰ প্ৰেমিকাৰ সৈতে থাকিবলৈ আৰম্ভ কৰে তাৰেক৷ ইয়াৰপাছতেই টুনিৰ ওপৰত আৰম্ভ হয় নিৰ্যাতন৷ অভিযোগ অনুসৰি পত্নী টুনিক মাৰধৰ কৰি ঘৰৰ পৰাও বাহিৰ কৰি দিছে তাৰেকে৷ তাৰবাবে টুনিয়ে এতিয়া সমগ্ৰ ঘটনাক লৈ আৰক্ষীৰ কাষ চাপিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ