ক্ৰিকেট কেৰিয়াৰ সামৰি এইবাৰ চিনেমা জগতত এইগৰাকী জনপ্ৰিয় ক্ৰিকেটাৰ, তামিল চিনেমাত ডেব্যু
ক্ৰিকেট কেৰিয়াৰ সামৰি এইবাৰ চিনেমা জগতত প্ৰৱেশৰ বাবে সাজু এগৰাকী ভাৰতীয় জাতীয় দলৰ অতিকে জনপ্ৰিয় প্ৰাক্তন ক্ৰিকেটাৰ। যিয়ে তামিল চিনেমাত ডেব্যু কৰিবলৈ সাজু। ইতিমধ্যে ছবিখনৰ প্ৰথমটো লুক ভাইৰেল হৈ পৰিছে। অনুৰাগী সকলো আচৰিত হৈ পৰিছে প্ৰিয় তাৰকাগৰাকীক অভিনেতা হিচাপে চাবলৈ।
সেই ক্ৰিকেটাৰ গৰাকী হৈছে ভাৰতীয় জাতীয় দলৰ সুৰেশ ৰাইনা। এতিয়া খেলপথাৰৰ পিছত পৰ্দাত নিজৰ যাদু বিয়পাবলৈ ওলাইছে সুৰেশ ৰাইনাই।
তামিল ছবিৰে অভিনয়ত আত্মপ্ৰকাশ কৰিবলৈ সাজু ৰাইনা। আই পি এল দল চেন্নাই ছুপাৰ কিংছৰ হৈ খেলাৰ বাবে সুৰেশ ৰাইনা তামিলনাডুত যথেষ্ট জনপ্ৰিয়। এনে পৰিস্থিতিত তেওঁৰ অনুৰাগীসকলেও ক্ৰিকেটাৰগৰাকীৰ তামিল অভিষেকৰ কথা শুনি আনন্দিত হৈ পৰিছে।
ড্ৰিম নাইট ষ্ট’ৰীজ (ডি কে এছ)ৰ বেনাৰত নিৰ্মিত এখন ছবিত দেখা যাব সুৰেশ ৰাইনাক। ছবিখনৰ প্ৰডাকচন হাউছে টিজাৰ শ্বেয়াৰ কৰি সুৰেশ ৰাইনাৰ কাষ্টিঙৰ কথা ঘোষণা কৰিছে।
ভিডিঅ’টো শ্বেয়াৰ কৰি মেকাৰসকলে লিখিছে – ‘চিন্না থালা সুৰেশ ৰাইনাক ডি কে এছ প্ৰডাকচন নং ১লৈ স্বাগতম।’
প্ৰডাকচন হাউছে শ্বেয়াৰ কৰা ভিডিঅ’টোত সুৰেশ ৰাইনাক অনুৰাগীৰ সৈতে ক্ৰিকেট ষ্টেডিয়ামত প্ৰৱেশ কৰা দেখা গৈছে। বর্তমান ছবিখনৰ শিৰোনাম প্রকাশ হোৱা নাই যদিও টিজাৰটো চোৱাৰ পাছত ছবিখন ক্ৰিকেটৰ আধাৰত হ’ব পাৰে বুলি অনুমান।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ