নিৰ্ধাৰিত সময়ৰ পাছতো চৰকাৰী বাসভৱন এৰা নাই দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে৷ ঘৰ খালী কৰাৰ আৰ্জি জনাই কেন্দ্ৰলৈ চিঠি লিখিছে ছুপ্ৰিম কৰ্টে৷ কেন্দ্ৰৰ আৱাসন আৰু নগৰোন্নয়ন মন্ত্ৰণালয়লৈ পঠিওৱা চিঠিত জৰুৰী ভিত্তিত ঘৰ খালি কৰাৰ আৰ্জি জনোৱা হৈছে৷
দিল্লীৰ ৫ নম্বৰ কৃষ্ণ মেনন মাৰ্গত টাইপ এইট বাংলোটি দেশৰ মুখ্য ন্যায়াধীশৰ বাবে সংৰক্ষিত৷ ন্যায়াধীশ চন্দ্ৰচূড়ৰ দুই উত্তৰসূৰী, প্ৰাক্তন ন্যায়াধীশ সঞ্জীৱ খান্না আৰু বৰ্তমানৰ মুখ্য ন্যায়াধীশ বি আৰ গাৱাই এই বাসভৱনত নাথাকে৷ তেওঁলোকে তেওঁলোকৰ পুৰণি বাংলোতেই আছে৷ ২০২৪ চনৰ নৱেম্বৰ মাহত মুখ্য ন্যায়াধীশ পদত থাকি অৱসৰগ্ৰহণ কৰিছে ন্যায়াধীশ চন্দ্ৰচূড়ে৷ তাৰপিছতো মুখ্য ন্যায়াধীশৰ বাবে নিৰ্দিষ্ট সেই চৰকাৰী বাসভৱনতেই তেওঁ আছে৷
ছুপ্ৰিম কৰ্টৰ তৰফৰ পৰা পঠিওৱা চিঠিত কোৱা হৈছে ডিচেম্বৰ মাহত দেশৰ তদানীন্তৰ মুখ্য ন্যায়াধীশ খান্নাক চিঠি লিখি ৩০ এপ্ৰিল পৰ্যন্ত কৃষ্ণ মেনন মাৰ্গৰ বাসভৱনত থকাৰ অনুমতি বিচাৰিছিল ন্যায়াধীশ চন্দ্ৰচূড়ে৷ তেওঁ জনাইছিল যে তেওঁৰ বাবে তুঘলক ৰোডৰ ১৪ নম্বৰ বাংলোটি নিৰ্ধাৰিত কৰা হ’লেও দিল্লীৰ প্ৰদূষণ সংক্ৰান্তিয় বিধিনিষেধৰ বাবে সেই ভৱনৰ মেৰামতিৰ কাম থমকি ৰৈছে৷ আৱাসন আৰু নগৰোন্নয়ন মন্ত্ৰণালয়ে জনাইছিল যে প্ৰতি মাহত ৫৪৩০ টকা ভাড়া দি তাতেই থাকিব পাৰিব চন্দ্ৰচূড়৷ তাৰপিছতো প্ৰধান ন্যায়াধীশ খান্নাৰ ওচৰত ৩১ মে পৰ্যন্ত সেই বাংলোত থকাৰ বাবে মৌখিক আৰ্জি জনাই প্ৰাক্তন ন্যায়াধীশ চন্দ্ৰচূড়ে৷ সেই সময়সীমাও ইতিমধ্যে পাৰ হৈছে৷
ছুপ্ৰিম কৰ্টৰ ৰুল ৩বি বিধি অনুসৰি অৱসৰগ্ৰহণৰ পাছত কোনো ন্যায়াধীশ টাইপ ছেভেন পৰ্যায়ৰ বাংলোত ছমাহ পৰ্যন্ত থাকিব পাৰে৷ কিন্তু ন্যায়াধীশ চন্দ্ৰচূড় বৰ্তমান আৰু উন্নত টাইপ এইট বাংলোত আছে৷ সেয়া এৰাৰো ছমাহ সময়সীমা উকলি গৈছে৷ প্ৰাক্তন ন্যায়াধীশ চন্দ্ৰচূড়ে জনাইছে যে তেওঁৰ দুই কন্যাই ৰোগীয়া৷ দিল্লী এইমছত তেওঁলোকৰ চিকিৎসাৰ বাবেই তেওঁ বাংলোটো এৰি দিয়া নাই৷ এই বিষয় সন্দৰ্ভত ছুপ্ৰিম কৰ্কটৰ মুখ্য ন্যায়াধীশক পূৰ্বেই জনোৱা বুলিও দাবী কৰিছে চন্দ্ৰচূড়ে৷ তেওঁ কয়, ‘চৰকাৰৰ তৰফৰ পৰা ভাড়াঘৰ আমি থকাৰ বাবে বন্দোবস্ত কৰা হৈছে৷ কিন্তু ঘৰটোৰ মেৰামতিৰ কাম চলি আছে৷ কাৰণ সেয়া দুবছৰ বন্ধ আছিল৷ মই ছুপ্ৰিম কৰ্টত বিষয়টো জনাইছো আৰু স্পষ্টকৈ কৈছো যে ঘৰটো বসবাসযোগ্য হলেই আমি সেই ঘৰলৈ গুচি যাম৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ